নৱমী

 


:: নৱমী ::


          আজি মহা নৱমী। কেউফালে আনন্দ-উল্লাসৰ পৰিৱেশ। ধনী-দুখীয়া সকলোৱে দেৱী দুৰ্গাৰ আশিস কামনাৰে পূজা-অৰ্চনাত নিমগ্ন। এনে শাৰদীয় বতৰত নতুন কাপোৰ এযোৰ পিন্ধি পূজা চাবলৈ যোৱাৰ হেঁপাহ কাৰনো নাথাকে? এই আবতৰীয়া বৰষুণ কেইজাকৰ বাবেহে নৱমীয়ে কাপোৰযোৰ সময়মতে বই উলিয়াব পৰা নাই। নৱমীৰ শালৰ কাপোৰ বুলি ক'লে সকলোৱে এবাৰ ওভতি নোচোৱাকৈ নোৱাৰে। যোৱা ৰাতি অলপো টোপনি নমৰাকৈ তাই মনৰ পছন্দ মতে কাপোৰসাজ সম্পূৰ্ণ কৰি উলিয়াইছে। মানুহজনকো আজি সোনকালে কাম সামৰি ঘৰলৈ আহিবলৈ কৈছে, আজি দুয়ো একেলগে ওচৰৰ পূজাবোৰ চাই আনন্দ ল'ব আৰু মা দুৰ্গাৰ আশীৰ্বাদ ল'ব!

          হঠাৎ তাইৰ স্কুলীয়া দিনৰ অন্তৰংগ বান্ধৱী ৰুণুমী আহি তাইক আচৰিত কৰি তুলিলে। বৰ্তমান গুৱাহাটীৰ নিবাসী, ইঞ্জিনিয়াৰৰ সুন্দৰী পত্নী ৰুণুমীক নিজৰ ঘৰত দেখি নৱমীৰ মন আনন্দত নাচি উঠিল। তাই আঠেবেঠে ৰুণুমীক বহিবলৈ দিলে।

          "ঐ নৱমী, শুনিছোঁ ত‌ই খুব ধুনীয়া কাপোৰ বৱ, মোকো এযোৰ ভাল কাপোৰ দে।"

          "পূজাৰ বতৰ, এতিয়া হাতত কাপোৰেই নাই, ত‌ই আগতে খবৰ দিয়া হ'লে বনাই ৰাখিব পাৰিলোঁহেতেন। ত‌ই বহ, মই চাহ মাৰো গৈ।"

          নৱমীয়ে নিজৰ বাবে ঠিক কৰি থোৱা কাপোৰ সাজত ৰুণুমীৰ দৃষ্টি পৰিল, "বাঃ এইযোৰ ইমান ধুনীয়া কাপোৰ, কাৰ বাবে নৱমী?"

          "যোৱা ৰাতি উজাগৰে থাকি এইযোৰ কাপোৰ মোৰ বাবে বই উলিয়াইছোঁ। এইযোৰ কাপোৰ পিন্ধিয়েই আজি মানুহজনৰ লগত পূজা চাবলৈ যাম" তাই লাজ লাজকৈ কথাখিনি ক'লে।

          "তোৰ হাতত সঁচাই যাদু আছে, ইমান ধুনীয়া কাপোৰ মই আগতে কেতিয়াও দেখা নাই। ত‌ই বোৱা কাপোৰ এযোৰ পিন্ধিম বুলি বহুত আশাৰে গুৱাহাটীৰ পৰা আহিছোঁ, ত‌ই তোৰ বান্ধৱীক কাপোৰযোৰ দিব নোৱাৰ নে? লাগিলে টকা কেইটামান বেছিকৈ লবি।"

          "তোৰ সঁচাকৈ পছন্দ হৈছে যদি লৈ যা, মই আকৌ এযোৰ বই ল'ম।" প্ৰিয় বান্ধবীজনীৰ আগ্ৰহ দেখি নৱমীয়ে না কৰিব নোৱাৰিলে।

          নৱমী মান্তি হোৱাত ৰুণুমীৰ দুচকুত বিজুলী চমকি উঠিল। তাই নৱমীৰ হাতত পাঁচ হাজাৰ টকা জোৰকৈ গুঁজি দি কাপোৰসাজ কিনি লৈ গ'ল।

          সন্ধিয়াৰ আগে আগে নৱমীৰ মানুহজনে ৰিক্সাখন লৈ ঘৰ পালে। "নৱমী, ঐ নৱমী, সোনকালে ওলা, আজি পূজাত বহুত মানুহ হ'ব।"

          "ৰাতি উজাগৰে কটালোঁ কাৰণে নেকি (?), মোৰ গাটো ভাল লগা নাই। আজি পূজালৈ যাবলৈ মন যোৱা নাই, আপুনিয়েই গৈ আহক। আৰু শুনকচোন, আজি গুৱাহাটীৰ পৰা মোৰ বান্ধৱী ৰুণুমী আহিছিল। তাই মোক এতিয়াও আগৰ দৰেই ভাল পায়। দুই হাজাৰ টকাৰ কপোৰযোৰ তাই পাঁচ হাজাৰ টকা দি কিনি লৈ গ'ল।"

          "হ'ব দে, আমাৰ দৰে দুখীয়া মানুহৰ ইচ্ছা, পছন্দ আদিৰ কোনো মূল্য নাই, বুজিছ। টকা বহুখিনি বেছিকৈ পাইছ, পূজাৰ পাছত তোৰ চশমাযোৰ বনাই আনিবি, কাপোৰত ফুল বাচিবলৈ সুবিধা হ'ব। ত‌ই মন বেয়া কৰিব নালাগে দে, ব'হাগত লোৱা কাপোৰসাজ পিন্ধিয়েই ওলা, ত‌ই লগত নাথাকিলে পূজা চাবলৈ ভাল নালাগে নহয়।"

          গাড়ীৰে অলপ দূৰ যোৱাৰ পিছত ড্ৰাইভাৰে ৰুণুমীক উদ্দেশ্যি ক'লে, "বাইদেউ, কাপোৰযোৰৰ বজাৰ মূল্য খুব বেছি দুই হাজাৰ মান হ'ব, জানি-বুজিও আপুনি কাপোৰ যোৰ কিয় ইমান দাম দি কিনিলে?"

          " নৱমী মোৰ বাল্য কালৰ আটাইতকৈ ভাল বান্ধৱী। তাই বহুত স্বাভিমানী। মই তাইক পোনপতীয়াকৈ টকা দি সহায় কৰিলে তাই মনত আঘাত পাব। কাপোৰ সাজ মোৰ পছন্দ‌ও হৈছে, গতিকে ম‌ই পছন্দৰ কাপোৰ এযোৰ পালোঁ আৰু বান্ধৱীৰ স্বাভিমানত আঘাত নকৰাকৈ দুপ‌ইচা দি সহায়ো কৰিলোঁ। দুখীয়াই হ‌ওক বা ধনীয়েই হ‌ওক, স্বাভিমান সকলোৰে আচল সম্পদ।"

           "গাড়ীৰ খিড়িকীবোৰ খুলি দিয়াচোন, অলপ মুকলি বতাহ ল‌ওঁ....।"



✍️ গৌতম মালাকাৰ

• "গণস্তম্ভ" ৰ ২১/১০/২০২২ সংখ্যাত প্ৰকাশিত।

Next Post Previous Post
No Comment
Add Comment
comment url

You may also like