নিশাৰ চন্দ্ৰ


:: নিশাৰ চন্দ্ৰ ::

       কলেজীয়া জীৱনত কলিজাৰ কোঁহে কোঁহে সোমাই পৰা সপোন কোঁৱৰ চন্দ্ৰই নিজ হাতেৰে তাইৰ ছবি আঁকি, তাইৰ ৰূপ-সৌন্দৰ্যৰ বৰ্ণনাৰে ছন্দিল কবিতা লিখি, লাজত ৰঙা-চিঙা হৈ এদিন তাইৰ হাতত গোপনে গুজি দিয়া সেই পৃষ্ঠা কেইটা নিশাই ট্ৰাংকটোৰ পৰা উলিয়াই ল’লে! 
       যোৱা বিশ বছৰে তাই নিজৰ মনটোক বহু বুজনি দি আহিছে৷ ছাত্ৰী অৱস্থাত কোনো কথাত কম্প্ৰমাইজ নকৰা নিশাজনীয়ে নিজৰ সংসাৰখনত আউল নালাগক বুলিয়েই ইমানদিনে সোণালী অতীতৰ সংগ্ৰহালয় স্বৰূপ কলেজৰ ট্ৰাংকটো খুলি চোৱা নাছিল৷ তাইৰ ঘোৰ আপত্তিক কোনো গুৰুত্ব নিদি, পঢ়া শেষ নৌহওঁতেই দেউতাকে নিশাক বিয়া দি তাইৰ  আশা, ভৱিষ্যতৰ স্বপ্নীল পৰিকল্পনা, সকলো ক্ৰুৰতাৰে কাঢ়ি লৈ গৈছিল৷ আদৰ্শ পুৰুষ বুলি মনে প্ৰাণে পূজা কৰি অহা দেউতাকক সিদিনাৰ পৰাই তাই ঘৃণা কৰিবলৈ লৈছিল!
       অচিন এগৰাকী ব্যক্তিৰ 'লখিমী' হৈ নিশাই গৃহ প্ৰৱেশ কৰাৰ দিনটোতেই চন্দ্ৰই তাৰ অস্তিত্ব হেৰুৱাই বলিয়া হৈ পৰিছিল৷ সেই নিশাৰ পূৰ্ণ-গ্ৰহণে তাক আজীৱন গ্ৰাস কৰি থাকিল! নিশাৰ বিয়াৰ দিনটোৱেই সিহঁতৰ গাওঁখনৰ অতিকৈ মেধাৱী ছাত্ৰ চন্দ্ৰৰো শিক্ষা জীৱনৰ শেষ দিন হৈ ৰ’ল৷  এসময়ত সংসাৰৰ তাৰণাত, বুকুত শিল বান্ধি সি অ'টোচালক হ'বলৈ বাধ্য হৈ পৰিল৷ এই সৰ্বনাশী অথন্তৰৰ বাবে নিশাই নিজকে আজিও ক্ষমা কৰিব পৰা নাই৷
       মেঘে ঢাকি ৰাখিলেও নিশাৰ আকাশত চন্দ্ৰৰ অস্তিত্বই তাইক প্ৰত্যয় দি আহিছিল, প্ৰতিটো পুৱাতে তাইৰ মনত সাহসৰ সঞ্চাৰ হৈছিল! চন্দ্ৰ দুৰাৰোগ্য কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত হোৱা মৰ্মান্তিক খৱৰটোৰ বামাৰলিয়ে আজি নিশাক মুহূৰ্ততে থানবান কৰি দিলে৷
       অমাৱস্যাৰ গভীৰ আন্ধাৰত নিশাৰ অনাগত দিনবোৰ সোমাই পৰিল৷ নিশাই কাগজ কেইখিলা বুকুত সাৱটি উচুপি উঠিল "স্বাৰ্থপৰতা আৰু যান্ত্ৰিকতাই আৱৰি ৰখা অসুস্থ পৃথিৱীখনত চন্দ্ৰৰ স্নিগ্ধ পোহৰৰ কি প্ৰয়োজন ?"

✍️ গৌতম মালাকাৰ
Next Post Previous Post
No Comment
Add Comment
comment url

You may also like