নোৱাৰো



:: নোৱাৰো ::

 (শৈশৱৰ ভাল লগা কবিতা-৩)

কবি- মঃ চোলেইমান খাঁ


নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ, 

কদাপি নহয় সিটি কথা মানুহৰ, 

এলেহুৱা যিটো হয়, নোৱাৰো সিটোৱে কয়;

তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা ? 

এলেহুৱা হৈ কিয় জীৱন ধৰিবা ?

ভাল নাম পাবলৈ যদি কৰা মন,

তেনেহ'লে নুবুলিবা নোৱাৰো বচন।

দহজনে পাৰে যিটো, তুমিও পাৰিবা সিটো ।

হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা,

একেবাৰে নোৱাৰিলে এশবাৰে কৰা। 

 

      ************


Next Post Previous Post
No Comment
Add Comment
comment url

You may also like