আইৰ ব্যথাগধূৰ গাঁথা

কবিতা :

:: আইৰ ব্যথাগধূৰ গাঁথা ::

সিহঁতে কাহানিও নুবুজে অ’
মোৰ বুকুৰ ব্যথা!

মোৰ হিয়াৰ আমঠু
সাতামপুৰুষীয়া সংহতিত
সিহঁতেই বিৰানব্বৈৰ 
কলংকিত অযোধ্যা৷
শংকৰ-আজান আৰু বিষ্ণু-জ্যোতিৰ
বিশ্বজনীন শান্তিৰ খ্যাতিত
নিদ্ৰাহৰণৰ নিতৌ নতুন নাট...

আৰু কিমান আজুৰিবি
আৱেগৰ আঁচল,
ৰাজদণ্ডৰ আভুৱাৰে কৌৰৱ-পাণ্ডৱক
আৰু কিমান ফুচুলাবি!

মোক মুকবধিৰ সজাবলৈ
তহঁতে দেখা কুটিল স্বপ্ন
বৃথা চেষ্টাৰ ৰূপকথা মাথোঁ
তাহানিও....আজিও....

লাচিত-চিলাৰায় পুনঃ জাগিছে,
জাতিৰ শ্মশানযাত্ৰা ৰুধিবলৈ
টঙালি বান্ধিছে-
প্ৰত্যাঘাটত প্ৰমাদ গণিবি,
লোহিত লোতকেৰে
শান্তিৰ বুদ্ধক সুঁৱৰিবি৷ 

পাঁচ-ৱক্টৰ উপাসনাই
সংকীৰ্ণতাৰ বিভেদ আঁতৰাব
ষড়যন্ত্ৰ ভেদি সত্ৰ-কৃষ্টিয়ে
চিৰচেনেহীৰ নিচান উৰুৱাব...

✍️ গৌতম মালাকাৰ

Next Post Previous Post
1 Comments
  • Happy New Year 2021
    Happy New Year 2021 October 16, 2020 at 9:52 PM

    hey bro i am also a plz blogger plz contact me soon i need to talk ,bownprinkwl@gmail.com

Add Comment
comment url

You may also like