অপহৃত আকাশ


:: অপহৃত আকাশ ::


পৃথিৱীখন সৰু হৈ আহিছে বুলি 

সকলোৱে কোৱা-কুই কৰে 

মোৰ পৃথিৱীখন সংকুচিত হৈ হৈ 

কেতিয়া চাৰিবেৰৰ মাজত আৱদ্ধ হৈ পৰিল

ততকে ধৰিব নোৱাৰিলোঁ।

মই এখন স্থবিৰ বিবৰ্ণ পৃথিৱীৰ বাসিন্দা

ধলপুৱাতে উঠি নিতৌ ঘৰখন চাফচিকুন কৰোঁ

কিন্তু অবুজ দাগেৰে লেতেৰা হৈ পৰিছে মোৰ মনটো

ঠেকেছি ঠেকেছি ঘৰৰ কাপোৰবোৰ ধোও

লগে লগে ঠেকেছি থাকোঁ মোৰ বুকুৰ মেঘৰ ঘৰটো

দুবেলা দুসাজৰ বাবে শাক-পাচলি কুটো

একেলগে কুটি যাওঁ মোৰ অশান্ত কলিজাটো

সকলোকে মই সজাই পৰাই খাবলৈ দিওঁ

আৰু সকলোৱে হাঁহি হাঁহি মোক চোবাই চোবাই খায়।

এতিয়া মোৰ আকাশো নাই অৰ্দ্ধাকাশো নাই

মই বুজিব পৰা নাই 

মই মৃত নে জীবিত!


✍️ গৌতম মালাকাৰ।


• মাহেকীয়া 'সংযোগ' আলোচনীৰ অক্টোবৰ, ২০২৩ সংখ্যাত প্ৰকাশিত।

Previous Post
No Comment
Add Comment
comment url

You may also like