ডিজিটেল আলাপ :: মঞ্জৰী

#ডিজিটেল_আলাপ ::

:: সপোন :: মঞ্জৰী ::

জীৱনৰ লক্ষ্য, জীৱনৰ সপোন! 
প্ৰশাসনিক বিষয়া, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, সফল চিকিৎসক, বুদ্ধিদীপ্ত ইঞ্জিনীয়াৰ, বৈজ্ঞানিক, বুদ্ধিজীৱী কিমানৰ যে কিমান সপোন! এজন সফল খেতিয়ক, পুলিচৰ কনষ্টেবল, এটি চৰকাৰী চাকৰী লাগিলে দ্ৰাইভাৰ বা পিয়ন, চকীদাৰেই নহওক কিয়(!)... বহু যুৱক-যুৱতীৰ এনে সপোনো ডাঙৰ হয় বয়সৰ লগেলগে৷ সপোন সাৰ্থক হোৱাৰ আনন্দ সকলোৰে কিন্তু সমান! ডাক্তৰ হোৱাৰ সপোন বাস্তৱায়িত হোৱাৰ আনন্দ আৰু স্কুলৰ স্থায়ী চকীদাৰৰ চাকৰিটো পোৱাৰ সপোন সঁচা হোৱাৰ আনন্দও একেই৷ প্ৰতিটো সপোন সঁচা কৰিবলৈ একেই সাধনা বা দৃঢ়তাৰ প্ৰয়োজন!
দুষ্ট-বদমাছ মানুহক শাস্তি দিবলৈ সৰুৰে পৰা পুলিচৰ কনষ্টেবল হোৱাৰ সপোন দেখি অহা গাঁৱৰ  সাধাৰণ পৰিয়ালৰ এজনী সহজ সৰল কিন্তু দৃঢ়মনা ছোৱালী মঞ্জৰী (নামটো সলাই দিছোঁ)৷ পঢ়াশুনা, নাচ-গান, খেলা-ধূলা, লেখা-মেলা... সকলোতে সমানে আগ্ৰহী৷ সেই সপোনৰ যাত্ৰাৰ এক আলাপ, "ডিজিটেল আলাপ" ৷ ধাৰাবাহিক ভাৱে কেইটামান খণ্ডত এয়া মোৰ এক নতুন প্ৰচেষ্টা৷ বন্ধু, শুভাকাংক্ষী আৰু হৃদয়বান পাঠকে পঢ়ি গঠনমূলক সমালোচনা দিলে মোৰ চেষ্টাত সফল হোৱা বুলি ভাবিম🙏🙏


#ডিজিটেল আলাপ :: 

:: মঞ্জৰী :: (এক)


: আদৰণি জনালোঁ মঞ্জৰী🌹

:: 🙏আপোনাক বহুত বহুত ধন্যবাদ৷

: আপুনি কলেজত পঢ়ি আছে চাগে, কি পঢ়ি 
  আছে?

:: অসমীয়াত MA কৰি আছোঁ লগতে CRPF ত
   চাকৰিও৷

: বাঃ জানি ভাল লাগিল❤️
: এতিয়া Posting ক’ত?

:: Gurgaon ত আছোঁ৷

: আপুনি ঘৰৰ একমাত্ৰ ছোৱালী চাগে, প্ৰফাইল 
  চাই অনুমান কৰিছোঁ৷

:: হয়, মা-দেউতাৰ একমাত্ৰ সন্তান৷

: আপোনাৰ লগত বহুত কথা পাতিম৷ আপোনাৰ   
  অভিজ্ঞতাবোৰ শুনিম পৰ্যায়ক্ৰমে৷ ক’ব নে?

:: নিশ্চয়৷
:: মোক তুমি বুলিয়ে ক’ব  😊

: এতিয়া Duty চলি আছে নেকি?

:: নাই, কাইলৈ দিনত আছে৷ ইয়াত খুব গৰম
  সেয়ে টোপনি অহা নাই। FB চাই আছোঁ।

: ক’ত থাকা? Camp ত?

:: উম্‌ Campt থাকোঁ৷

: লগত আৰু অসমৰ ছোৱালী আছে নে?

:: আছে, দহজনী মান৷

: ঠিক আছে দিয়া, আজিলৈ এৰোঁ৷

:: হয়, শুভৰাত্ৰি☺️

: শুভৰাত্ৰি🌹
   
                          ******************
#ডিজিটেল আলাপ
::মঞ্জৰী :: (দুই)

:: Good evening💐🙏

: হেল্লো মঞ্জৰী, শুভসন্ধ্যা🌹

:: ভাল নে আপোনাৰ?

: হয়, ভাল৷ তোমাৰ?

:: উম্‌ ভাল৷ Duty আছিল দিনত৷

: সদায় Duty থাকে নে?

:: কেতিয়াবা Continue থাকে, কেতিয়াবা 
   আকৌ মাজে মাজে off থাকে৷
:: কেইদিনমান একেৰাহে থাকিলে কেইদিনমান 
   ৰেষ্ট থাকে৷ কেতিয়াবা এদিন এৰি এদিন 
   থাকে৷ ছোৱালীৰ উপস্থিতিৰ ওপৰতো নিৰ্ভৰ 
   কৰে৷

: বহুত কষ্ট হয় চাগে?

:: কষ্ট বেছি নহয়৷

: Okay. গুৰগাঁৱত কিমান দিন হ’ল?

:: দুবছৰ হৈ গ’ল😊

: কাইলৈ Duty নাই?

:: কাইলৈ ৰবিবাৰ, Off আছে৷

: বাঃ মজা তেন্তে😃

:: উম্‌☺️

: কাইলৈ কি কৰিবা?
: Sunday Funday😁

::  নাই, এনেই থাকিম ৰুমতে৷ ক’ৰোনাই সকলো 
    Fun শেষ কৰি দিলে😌

: হয় দিয়া, সাৱধানে থাকিবা৷

:: গৰমৰ বাবে টোপনি নাহে৷ 

: চেষ্টা কৰাচোন, আহিব দিয়া৷ 
: শোৱা তেন্তে, শুভৰাত্ৰি🌹

:: আপুনিও শোৱক, Good night☺️

                    ***********************

#ডিজিটেল আলাপ

:: মঞ্জৰী :: (তিনি)

: সুপ্ৰভাত মঞ্জৰী🌹উঠিলা?

:: Good morning🌹 Have a nice day 😊
:: অলপ আগতে উঠিলোঁ৷

: Good girl🙎

::😀 
:: Breakfast কৰিলে?

: Just কৰি উঠিলোঁ৷
: তুমি কি খালা?

:: মেগী😁

: Breakfast নিদিয়ে নেকি?

:: দিয়ে, আজি ভাল দিয়া নাই৷

: খালী পেটত মেগী নাখাবা৷

:: খোৱা শেষেই হৈ গ’ল 😜

: আজি পিছে কি কৰিবা?

:: আছো ৰুমতে, এনেই😌

: তোমাৰ জন্ম কেতিয়া?

: : 199_

: ডাঙৰ হৈছা দেখোন! মই সৰু হৈ আছা বুলি  
  ভাবি আছো😁

:: ডেৰ কুৰি হ’ব আৰু 😁😁😁

: মা-দেউতাৰাৰ  বিষয়ে কোৱা

:: দেউতা স্কুল শিক্ষক আছিল, অৱসৰ ল’লে৷
:: মা অংগনৱাদীত কৰি আছে৷

: বাঃ জানি ভাল লাগিল৷

:: 😊

: তুমি ঘৰলৈ কিমান দিন অহা নাই?

:: এমাহ থাকি আহিলোঁ, তিনিমাহ আগতে৷

: এমাহ কিয় আছিলা?

:: পৰীক্ষা আছিল, MA 2nd Semester.

: ক’ৰ পৰা MA কৰি আছা?
: GU ?

:: নহয়, KKH ৰ পৰা৷

: Okay. তাত পঢ়িবলৈ সুবিধা পোৱা নে?

:: Duty ৰ পিছত যিকণ সময় ওলাই আৰু!
:: ঘৰতে পঢ়া হয়, পৰীক্ষাৰ মাজত বন্ধ পাওঁ৷

: লগৰবোৰে নপঢ়ে নেকি?

:: পঢ়ে কিছুমানে৷ সকলোৰে একেই হয়৷
:: ইয়াত Duty First😁 তাৰ পিছত নিজৰ যি 
   ইচ্ছা৷

: নিশ্চয়৷

:: আপুনি কি কৰে?

: মই LIC of India ত কৰ্মৰত৷

:: Oo... ভাল৷

: এতিয়া ঘৰত মা-দেউতা নে আৰু কোনোবা 
  আছে?

:: হয়, মা-দেউতা দুয়ো আছে৷

: তুমি literature ভাল পোৱা নে language?

:: Language ভাল পাওঁ কিন্তু সাহিত্যও বহুত 
   ভাল পাওঁ৷
:: BA ত ভূগোল আছিল৷
:: Mass communication ত Masters 
   কৰিম বুলি এডমিচন লৈছিলোঁ৷ চাকৰি পাই 
   গুছি আহিলোঁ আৰু কৰা নহ’ল৷
:: তিনি বছৰ ৰ’ব লগা হ’ল, তাৰ পিছত  
   অসমীয়াত  এডমিচন ল’লো৷ বহুত ভালকৈ 
  কৰাৰ মন আছিল কিন্তু ৰেগুলাৰ হিচাবে 
  নোৱাৰোঁ বাবে অপেন ইউনিভাৰ্চিটিত ল’লো৷

: এই চাকৰিটো তোমাৰ লক্ষ্য নে প্ৰয়োজন? নে 
  আন কিবা?

:: সৰুৰ পৰা এইটোৱেই ইচ্ছা আছিল৷ বিশেষকৈ   
   ৱৰ্ডি (Uniform) যোৰে বৰকৈ টানিছিল৷ 
   মা-দেউতাৰো বহুত ইচ্ছা আছিল৷

: এতিয়া কেনে লাগিছে? ভবা ধৰণৰ হয়নে 
  কথাবোৰ?

:: ভবাৰ দৰে সেৱা কৰাৰ সুবিধা পাইছোঁ৷
:: কিন্তু ঘৰৰ কথা মনত পৰিলে কেতিয়াবা 
   কেতিয়াবা বৰ দুখ লাগে৷

: তোমাক আগতেই কৈছিলোঁ যে তোমাৰ 
  অভিজ্ঞতাবোৰ শুনিম৷ অলপ লাহে লাহে, 
  বিতংকৈ শুনিম৷ প্ৰথমতে তোমাৰ শৈশৱৰ পৰা 
  আৰম্ভ কৰিম, বেয়া নোপোৱা যদি৷ তোমাক 
  জানিব মন গৈছে, তুমি অকল তুমি নহয়, বহু 
  ছোৱালীৰ জীৱনী৷ ক’বা নে?

:: নিশ্চয় নিশ্চয়৷

: এদিনতে ক’ব নালাগে৷

:: হ’ব, আপুনি সুধি যাব৷
:: লগতে আপোনাৰো ভাল-বেয়া অভিজ্ঞতাবোৰ 
   কৈ যাব৷

: নিশ্চয়৷ আজি তোমাৰ জন্মৰ সময়ৰ কি মনত 
  আছে কোৱা৷ তোমাৰ জন্মত আপোন 
  মানুহবোৰ সুখী আছিল নে?

:: মোৰ জন্মক লৈ মা-দেউতা সুখী আছিল৷ 
  দেউতাইতো এতিয়াও কয় যে কন্যা সন্তানৰ 
  বাবে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল৷
:: কিন্তু মাজে মাজে অনুভৱ কৰি আহিছোঁ যে 
   মাক-দেউতাকৰ বাহিৰে বেলেগে ল’ৰা-
   ছোৱালীৰ মাজত প্ৰভেদ ৰাখে৷
:: মোৰ দেউতা সদায় সাহস হৈ আছে মোৰ বাবে!

: মা-দেউতাৰাই দ্বিতীয় সন্তানৰ কথা নাভাবিলে?

:: মোক কোৱা মতে, দুয়ো স্কুললৈ গৈছিল বাবে  
   চোৱাচিতা কৰা মনুহৰ অভাৱ আছিল, সেয়ে 
   চিন্তা নকৰিলে৷
:: মা-দেউতা ক’ৰবালৈ গ’লে মোক ওচৰৰ    
   ভুজিয়া বেপাৰী এঘৰত থৈ গৈছিল৷ মানুহ জন 
   বিহাৰী কিন্তু বৌজনী আমাৰ ওচৰৰে জীয়ৰী৷
   সিহঁতৰ দুটা ল’ৰা, দুয়ো মোতকৈ সৰু,
   বহু সৰুৰ পৰাই পাইছোঁ৷ সিহঁত এতিয়া মোৰ    
   Rakhi  Brothers. ☺️

: এতিয়া কি অনুভৱ হয়, শৈশৱ তোমাৰ কেনেকৈ      পাৰ হ’ল?

:: বহুত সুন্দৰ আছিল৷ মা সদায় ঘৰৰ কামতে 
   ব্যস্ত আছিল৷ দেউতাই মোৰ দাদা-বাইদেউ,    
   ভাইটি, ভন্টী সকলোৰে অভাৱ পূৰণ কৰিছিল৷ 
   যি বিচাৰিছিলোঁ সেয়েই পাইছিলোঁ৷
:: ঘৰত থকা সময়ত দেউতাৰ লগতেই আছিলোঁ৷ 
   সকলো কাম দেউতাৰ লগত আৰু দেউতাক 
   সকলো কথাই freely ক’ব পাৰিছিলোঁ৷

: দেউতাৰাৰ প্ৰভাৱ বেছি তোমাৰ জীৱনত৷

:: মা পুৱাই স্কুললৈ যায় আৰু উভতি আহিয়েই 
   ঘৰৰ কামত ব্যস্ত হৈ পৰে৷ স্কুলৰো লিখা মেলা 
   কাম থাকেই, ৰাতি আকৌ ৰন্ধা-বঢ়া!
:: মা ৰ শাসনো আছিল😃 অলপ ভয়ো 
   কৰিছিলোঁ৷

: এইখিনিতে এটা কথা কৈ থওঁ, তোমাৰ ব্যস্ততা  
  আহিলে বা আমনি লাগিলে এৰিবা৷ আকৌ 
  সময় পালে বেলেগ এদিন ক’বা৷
: এতিয়ালৈ এৰো, আকৌ কথা হ’ম৷

:: ঠিক আছে৷ Bye

                  ************************

#ডিজিটেল আলাপ

:: মঞ্জৰী :: (চাৰি)

: হেল্লো মঞ্জৰী, Good evening🌹

:: Good evening☺️

: কি কৰিছা? সময় আছে নে?

:: হয়, আজি এতিয়া একো কাম নাই৷

: স্কুলীয়া জীৱন কেতিয়া আৰম্ভ হৈছিল?

:: পাঁচ বছৰ বয়সত প্ৰথম স্কুললৈ গৈছিলোঁ, মায়ে 
   লৈ গৈছিল প্ৰথম দিনা৷ 
   দেউতাৰ স্কুল ঘৰৰ পৰা দূৰৈত, গতিকে মাৰ 
   স্কুলত নাম লগাই দিছিল৷
:: ১নং ক্ষুদ্ৰ ......... প্ৰাথমিক বিদ্যালয়৷

: কোন শ্ৰেণীত নাম লগাইছিলা?

:: 'ক' শ্ৰেণীত

: অসমীয়া মাধ্যমত পঢ়িছিলা?

:: হয়, ঘৰৰ পৰা ইংৰাজী মাধ্যমত দিব     
   বিচাৰিছিল, মইহে যাবলৈ মন কৰা নাছিলোঁ৷    
   বহুত restriction আছে বুলি ভাবিছিলোঁ৷

: পঢ়ি ভাল পাইছিলা নে?

:: উম্‌ ভাল পাইছিলোঁ৷

: সৰুতে আৰু কি কি কৰি ভাল পাইছিলা?

:: ছবি আঁকিছিলোঁ, ভাল নহৈছিল যেনিবা৷
   গান আৰু নাচো শিকিছিলোঁ৷

:: স্কুল বা গাঁৱত ফাংচন হ’লে সকলোতে 
   অংশগ্ৰহণ কৰিছিলোঁ৷

: এতিয়া নোগোৱা বা নানাচা?

:: কলেজত থকালৈকে গাইছিলোঁ, নাচিছিলোঁ৷ 
   ইয়ালৈ অহাৰ পিছত বন্ধ হৈ গ’ল😌

: হাইস্কুলৰ কথা শুনো দিয়া৷

:: আপোনাক ক’বলৈ থাকিল, দ্বিতীয় শ্ৰেণীৰ 
   পৰা মই দেউতাৰ লগত দেউতাৰ স্কুললৈ 
   যোৱা কৰিলোঁ৷
:: প্ৰথমবাৰৰ বাবে দেউতাক 'চাৰ' মাতিবলগীয়া 
   হোৱাত বহুত লাজ লাগিছিল৷ পিছলৈ অৱশ্যে 
   অভ্যাস হৈ গৈছিল৷
   
: তাৰ পিছত কি হ’ল কৈ যোৱা🥰

:: স্কুলত বদমাচি কৰিলে 'চাৰ' এ বেত দিছিল😂
   ঘৰলৈ আহি 'নামাতা' দিছিলোঁ৷
:: এনেকুৱাই আছিল সৰুকালটো৷

                   *********************

#ডিজিটেল আলাপ

:: মঞ্জৰী :: (পাঁচ)

:: ভালে আছে নে?

: হয় ভালে আছো৷ তোমাৰো ভাল নিশ্চয়?

:: ভালেই৷ আজি কি ক’ম?😁

: য’ত এৰিছিলোঁ তাৰ পৰাই আৰম্ভ কৰা😀

:: তাৰ পিছত Girls' High School গ’লোঁ৷ 
:: তাতো প্ৰথম কেইদিনমান দেউতাই থবলৈ    
   গৈছিল৷ পাছত লগৰ ছোৱালী এজনী পাই
   গ’লো আৰু তাইৰ লগত যোৱা হ’লোঁ৷
:: এতিয়াও আমি Friends. তাইৰ অৱশ্যে বিয়া 
   হ’ল, ছোৱালী এজনীও আছে৷
:: আমি তেতিয়াৰে পৰা কলেজলৈকে একেলগে 
   গ’লোঁ৷ 
   তাইৰ নিচিনা বান্ধৱী আৰু আজিলৈকে বনাব    
   নোৱাৰিলোঁ৷ তাই আজিও মোৰ best friend.

: এতিয়া ক্লাছ V ৰ কথা কোৱা৷

:: নতুন স্কুল, নতুন বন্ধু! খুব ভাল লাগিছিল৷
:: তেতিয়া আমি খুব কাবাদী খেলিছিলোঁ, স্কুললৈ 
   গৈ পাই, জিৰণিৰ সময়ত...

: পঢ়াত কেনে আছিলা তেতিয়া?

:: পঢ়াখিনি মনত আছিল কিন্তু খুব অমনোযোগী 
   আছিলোঁ৷
:: বাহিৰা কথাবোৰ বেছি ভাল পাইছিলোঁ৷ 
   এতিয়া ভাবিলে বেয়া লাগে৷ ঘৰৰ পৰা সকলো
   সুবিধা দিছিল, যি বিচাৰিছিলোঁ৷ কিন্তু মইয়ে    
   তেনেকুৱা আছিলোঁ৷
:: অ’, ইংৰাজীৰ চাৰ এজনে খুব ভাল পাইছিল 
   মোক৷ কিন্তু মই ইংৰাজী বেয়া পাইছিলোঁ৷    
   সমাজ বিদ্যা আটাইতকৈ বেছি ভাল লাগিছিল৷

: ক্লাছ V ৰ কিবা মনত থকা ঘটনা?

:: বিশেষ তেনেকুৱা নাই একো😊
:: বদমাচ আছিলোঁ অলপ😀 গ্ৰুপৰ লিডাৰ 
   আছিলোঁ!
:: ডাঙৰ ছোৱালীবোৰে এদিন আমাৰ ৰুমৰ  
   ডেস্ক-বেঞ্চ নিছিল, কাজিয়া কৰি লৈ অহা 
   মনত আছে৷ 
:: পিছত বহুত ভয় লাগিছিল, চাৰে কিবা ক’ব  
   বুলি৷ কিন্তু তেনেকুৱা একো নহ’ল৷
:: ক্লাছ ৰুমৰ খিড়িকীৰে পাৰ হৈ গৈ ওচৰতে 
   থকা আমগছৰ পৰা আম পাৰি খাইছিলোঁ৷

: এতিয়া বদমাচ নহয় নেকি?😂

:: এতিয়াও হয় কিছু পৰিমাণে😊

: তাৰ পিছত আৰু কোৱা৷

:: সাধুকথাৰ কিতাপ লৈ গৈছিলোঁ স্কুলৰ পৰা 
   আৰু পঢ়ি উঠি বন্ধুবোৰৰ লগত সলনা সলনি 
   কৰিছিলোঁ৷ 
   
: বৰ ভাল লাগিল, কিমান যে ভাল সময় আছিল!
: আজিলৈ এৰো দিয়া৷

:: উম্‌ হ’ব বাৰু, Take care😁

                        ********************
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (ছয়)

: মঞ্জৰী
: সময় আছে যদি অলপ শুনো তোমাৰ কথা৷

:: আছে আছে৷

: কোৱা তেন্তে

:: আমি স্কুলত এটা খেল খেলিছিলোঁ৷ শনিবাৰে 
   বান্ধৱীবোৰে ইজনীয়ে সিজনীক চিঠি  
   লিখিছিলোঁ আৰু চিঠিৰ উত্তৰ লিখি সোমবাৰে 
   দিছিলোঁ৷

: বাঃ অলপ অগতানুগতিক, স্কুলৰ পৰাই কৰিব 
  দিছিল?
:: নহয় নহয়, এইটো আমাৰ গ্ৰুপত হৈছিল৷

: অ’ বৰ ভাল কথা৷

:: ক্লাছ 10th লৈকে এনেদৰে চিঠি লিখা কামটো 
   চলি আছিল৷ বহুত চিঠি জমা হৈছিল! এতিয়া 
   অৱশ্যে লিখা নহয়😌

: নষ্টালজিক

:: হয়৷ 1st January ত গ্ৰিটিংছ কাৰ্ড দিছিলোঁ, 
   তিনি টকা/ পাঁচ টকা দাম আছিল তেতিয়া৷ 
   সেই পইচা নিজে গোটাইছিলোঁ, বহু দিন আগৰ 
   পৰা জমা কৰি গৈছিলোঁ বন্ধুবোৰক নতুন 
   বছৰৰ কাৰ্ড দিম বুলি৷
:: মোৰ সেই Best friend জনীক আটাইটকৈ 
   ভাল আৰু ডাঙৰ কাৰ্ডখন দিছিলোঁ৷
:: এতিয়া বা লগেই নাপাওঁ৷ বহু Friends ক 
   10th ৰ পিছত দেখাই নাই৷ বৰকৈ মনত পৰে 
   সিহঁতলৈ!
:: সিহঁত FB তো নাই৷

: উম্‌

:: স্কুলত আমি নাটক কৰিছিলোঁ, বান্ধৱী এজনীৰ 
   জোৰতহে অৱশ্যে৷ অভিনয় ভালকৈ নোৱাৰোঁ৷ 
   মই পিছে গান গাইছিলোঁ৷

: VI ৰ পৰা বেলেগ এদিন শুনিম, মনত পেলাবা 
  ভালকৈ৷ আৰু এতিয়া কোৱাখিনিৰ মাজত 
  কিবা আমোদজনক ৰৈ গ’ল নেকি ভাবিবা৷
  
:: তেনেকুৱা নাই একো৷ 
   তেতিয়া কেৱল খেলিছিলোঁ৷

: তোমাৰ কথাবোৰে মোক বহুত আবেগিক কৰি 
  তুলিলে৷
  
:: ☺️☺️

: হয়, এতিয়াহে সেইবোৰ নোহোৱা হৈ গ’ল!
  ডিজিটেল হ’ল৷

:: উম্‌ সঁচাকৈ
:: তেতিয়াৰ দিনবোৰ বৰ ভাল আছিল৷

: তেতিয়া জীৱনত কি কৰাৰ কথা ভাবিছিলা,    
  কিবা ভাবিছিলা নে জীৱন সম্বন্ধে?
  
:: মই আগৰপৰাই পুলিচ হ’ম বুলি ভাবিছিলোঁ৷ 
   বদমাচ বোৰক খুব, পিটিম এনে ভাব হৈছিল৷
   খেল খেলোতেও তেনে হৈছিল৷ দেউতাই 
   এডাল লাঠী বনাই দিছিল আৰু দেউতাক  
   কিবাকিবি কৈ জেৰা কৰাৰ নিছিনা 
   খেলিছিলোঁ দেউতাৰ লগতেই৷
:: মই সৰুৰ পৰাই খুব পুৰিম বুলি পাঙিছিলোঁ৷ 
   দেউতাক ঠাইবোৰৰ বিষয়ে সুধিছিলোঁ, 
   দেউতাই সাধুকথাৰ দৰে সজাই পৰাই কৈ 
   গৈছিল৷
:: আন আন দেশবোৰত এনেকুৱা হয়, তেনেকুৱা 
   হয়... ভাল লগা কথাবোৰ বেছিকৈ বনাই বনাই 
   কৈছিল৷ মানুহবোৰে কেনেকুৱা কষ্টকৰ কাম 
   কৰিছিল তেনেকুৱা ধৰণৰ৷
:: ভাত খাই আহি আকৌ কথা হ’ম৷ 
   আপুনি খালে?

: মইও নাই খোৱা৷ তুমি লাহে লাহে ভালকৈ খাই 
  আহা৷ মইও খাই লওঁ৷
  
                ************************
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (সাত)

:: Good evening 🌹 কি কৰিছে?😊
   
: এনেই বহি আছো, মোবাইল লৈ৷

:: ঘৰত ভাল নে?

: হয়, বৰ্তমান সকলো ভালে আছো৷
: কি কৰিলা? শুইছিলা চাগে?

:: শুম বুলি ভাবিছিলোঁ কিন্তু friends আহিল৷
   লুডু খেলিলোঁ৷

: খুব মষ্টি কৰা ন?

:: কেতিয়াবা কেতিয়াবা জমে অলপ, 
   ভালেই লাগে৷

: তোমালোকে একেলগে শোৱা নে বেলেগ 
  বেলেগ ৰুম আছে?

:: ডাঙৰ ৰুম, দহজনী এটা ৰুমত৷ অসুবিধা নহয়৷

: আৰু বাথৰুম? Common নে?

:: উম্‌, তিনিতলাৰ বিল্ডিং হয় এইটো৷ প্ৰতিটো 
   তলাত তিনিটা বাথৰুম আৰু তিনিটা টয়লেটৰ 
   সুবিধা আছে৷

: চাফচিকুণ কেনেকুৱা?

:: ভাল, মহিলা চাফাইকৰ্মী আছে৷ সিহঁত উপস্থিত 
   নাথাকিলে আমি পাল পাতি নিজেই চাফা 
   কৰোঁ৷

: ভাল কথা৷

: তাত অকল মহিলা থাকে?

:: ড্ৰাইভাৰ আৰু চিগনেলৰ মিলি ৫/৬ জন মান 
   পুৰুষো থাকে৷

: তোমালোকৰ কাপোৰ-কানি কোনে ধোৱে?

:: আমি নিজেই ধোওঁ৷ অফিচাৰৰ কাৰণেহে 
   কাপোৰ ধোৱা মানুহ থাকে, মই কনষ্টেবল৷

: তোমালোকৰ গ্ৰুপৰ ছোৱালী সদায় এই 
  কেইজনীয়েই নে সলনি হয়?

:: অ, সলনি হৈ থাকে৷

: অ’, তুমি ভাল কবিতা লিখা দেখোন?

:: চেষ্টা 😊

: ভাল হৈছে৷

:: এনেই অলপ মিলাব চাওঁ☺️

: লিখি থাকিবা৷ আজি আৰু দেৰি নকৰোঁ৷ 
  কাইলৈ সময় পালে তোমাৰ কথা শুনিম৷ মনত . 
  পেলাই ৰাখিবা৷

:: ঠিক আছে৷

      ************************************
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (আঠ)

: হেল্লো মঞ্জৰী🌹

:: শুভ আবেলি😊

: ব্যস্ত নেকি?

:: উম্‌ হাথিয়াৰ চাফা কৰিব আহিছোঁ৷
:: আপুনি কি কৰিছে?

: এনেই বহি বহি কিবা কিবি চিন্তা কৰি আছোঁ, 
  মোবাইলৰ লগতো মাজে মাজে৷

:: কি চিন্তা কৰিছে?☺️

: অলপ নিজৰ, অলপ তোমাৰ এনেবোৰ চিন্তাই   
  আৰু😁😁😁

:: কিবা লিখি আছে নেকি?

: অলপ কিবা লিখিবলৈও চেষ্টা কৰি আছো৷

:: লিখক লিখক, অসুবিধা হোৱা নাইতো?

: নাই নাই, কেতিয়া আজৰি হ’বা?

:: উম্‌ অলপ দেৰি হ’ব৷

: আজি তোমাৰ কথা নুশুনোৱা নেকি?

:: শুনাম দিয়ক😊

: আজি ৰাতি?

:: ঠিক আছে৷

: সময় অলপ উলিয়াবা মোৰ বাবে, ৰৈ থাকিম৷

:: ঠিক আছে৷

: তোমাক মই কি নামেৰে মাতিম? ☺️

:: আপুনি নাম দিব নেকি?😊

: ভাবিছোঁ

:: কি নাম দিব?

: আগতে তোমাৰ নামটোৰ কথা কোৱা

:: ঘৰত মতা নামটো ককাই দিছিল৷ ককাই দিয়া
   নামটোৰ পিছত দেউতাৰ নামটো লগাই
   মই এটা নিজাকৈ নতুন নাম বনাই লৈছোঁ৷ 
            Cirtificate ৰ নামটো মোৰ দেউতাই 
   ৰাখিছিল৷

: তুমি মানুহজনী নামটোৰ দৰে হয় ?

:: হয়ও আৰু নহয়ও😁

: কেতিয়া হয়নো?

:: খং নুঠালৈকে হয়৷

: বাপ্‌ৰে! তোমাৰ খঙো উঠে নেকি?

:: উম্‌ কেতিয়াবা বহুত 😊

: এতিয়ালৈকে শৈশৱৰ যিখিনি কথা হ’লো তাত 
  কিবা নোকোৱাকৈ থাকিল বুলি ভাবা নেকি?

:: নাই, থকাখিনি ক’লোৱেই৷

: কিবা বেয়া অভিজ্ঞতা সেই সময়চোৱাৰ?

:: ২০০৪ ত যে বানপানী হৈছিল, তেতিয়া মই 
   ওচৰৰ আইতা এজনীৰ লগত পানী চাবলৈ 
   গৈছিলোঁ৷ কিন্তু ইমান বেছি ঢৌ আছিল যে 
   ঢৌত মই ৰাস্তাৰ পৰা গৈ পথাৰ পাইছিলোঁ৷ 
   দাদা এজনৰ জালৰ ৰচীত মোৰ এখন ভৰি    
   ফাঁচী গৈছিল আৰু মই কিবাকৈ ৰৈ গৈছিলোঁ৷ 

: বুকু কঁপি উঠা অভিজ্ঞতা!

:: হয় হয়, হাল্লা হৈ গৈছিল৷ আইতাইয়ো বহুত 
   ভয় খাইছিল৷ 

: সৌভাগ্য ইয়াকে কয় কিজানি! যদিও মই ভাগ্য 
  বিশ্বাস নকৰোঁ৷

:: উম্‌ ময়ো ঠিক তেনেকৈয়ে ভাবোঁ৷ 
   ঘটনাটো মনত পৰিলে এতিয়াও ভয় লাগে৷

        **********************************
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (ন)

:: শুলে নেকি?

: আছো৷ আছানে অলপ সময়? মই খাই লওঁ, 
  তাৰ পিছত কথা পাতিম৷

:: ঠিক আছে৷

......................

: আছানে😁

:: উম্‌

: আগতে দিনটোৰ খবৰ কোৱা, মোলৈ মনত 
  পৰিছিল নে নাই?

:: উম্ মেছেজ কৰিম বুলি ভাবিছিলোঁ কিন্তু সময় 
   নহ’ল☺️
:: আজি পেকিং কৰিলোঁ আৰু চাফাই৷ কাইলৈ 
   বাংগালোৰলৈ যাম৷ দিনটো এনেকৈয়ে গ’ল৷

: মানে? হঠাৎ যে? এতিয়াৰ পৰা তাত?

:: উম্৷

: কিমান দিনলৈ?

:: এক্কেবাৰে, যেতিয়ালৈকে বেলেগত পোষ্টিং
    নহয়৷

: যাবা কেনেকৈ?

:: ট্ৰেইনত

: কেইবজাত ওলাবা?

:: ৰাতি ৮ বজাত ট্ৰেইন, ইয়াৰ পৰা গাড়ীৰে
   ষ্টেচনত থৈ আহিব৷

: কেতিয়া পাবাগৈ?

:: 18th পামগৈ৷

: কাইলৈৰ Journey ৰ বাবে শুভেচ্ছা জনালোঁ🌹

:: আপোনাক বহুত ধন্যবাদ

: গৈ থাকোঁতে মেছেজ দি থাকিবা৷ মাজে মাজে 
  সময় পালে৷

:: ট্ৰেইনত উঠাৰ পিছতটো free এ হ’ম৷

: তেন্তে বহুত কথা পাতিম😊

:: ঠিক আছে৷

: এৰিব মনযোৱা নাই, কিন্তু এৰিম এতিয়া, 
  তোমাকো জিৰণিৰ প্ৰয়োজন৷

:: শুভৰাত্ৰি🌹

:: ঠিক আছে, কাইলৈ লগ পাম🥰 শুভৰাত্ৰী🌹
:: শুই যাওক, মইয়ো শোওঁ❤️

: ঠিক আছে৷

          **********************************
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (দহ)

: সাজুনে? মঞ্জৰী

:: Good noon😊
:: উম্‌... মোটামুটি আৰু

: ঠিক আছে, পিছত কথা হ’ম৷

...................

: ক’ত আছা মঞ্জৰী?

:: ট্ৰেইনত বহিলোঁ, Start হ’ল৷
:: কি কৰিছে?

: তোমাৰ বাবেই ৰৈ আছিলোঁ৷ বাৰে বাৰে
 মেছেজ চাই আছো৷
: সাৱধানে থাকিবা দেই🌹

:: উম্‌, এতিয়া free হ’লোঁ৷ ধন্যবাদ🙏

: কোনটো বাৰ্থ, তলৰ নে ওপৰৰ?

:: ওপৰৰ

: Sleeper class নে AC ?

:: 3Rd AC

: Okay

:: ভাত খালে ?

: নাই, বাঢ়ি আছে এওঁ৷
: গাৰ ওপৰতে AC আছে নেকি? ৰাতি বেছি
  ঠাণ্ডা পাবা৷

:: উম্‌ কম্বল লৈছোঁ৷

: তুমি কি খাইছা?

:: মইয়ো ভাত খালোঁ৷

: শুবা নে আছা অলপ সময় ?
: মই আছো অলপ দেৰিলৈ৷

...........................

:: ৰাতি নেট নোপোৱা হ'ল একেবাৰেই😌

: এতিয়া ক’ত আছা? সকলো ঠিকেই আছে নে? 
  কিবা খাইছা? Eat healthy, not spicy🥰

:: কৰ্ণাটকত সোমাইছো৷ ভাত খালোঁ, নিৰামিষ৷ 
   আপুনি খালে ?
:: নেট খুব বেয়া৷

: কাইলৈ কেতিয়া পাবা ?

    .......….....................
    
:: সুপ্ৰভাত🌹এই মাত্ৰ আহি পালো কেম্প৷

: Good, get fresh. অলপ জিৰাই লোৱা৷
: গা কেনে আছে?

:: ভালে আছো৷  অলপ শুইছো দুপৰীয়া৷
:: নেট খুব বেয়া৷

: তোমাৰ মেছেজ কেইটা দেখিহে মনটো ভাল 
  লাগিল৷ চিন্তা হৈ আছিল৷
: বাংগালোৰতো নেট বেয়া ? আচৰিত কথা!

:: ৰুমত নাপায় ভালকৈ, বাহিৰত পায়৷

: সকলো ঠিকঠাক হ’ল নে ?

:: হয়, হ’ল৷

        ****************×××××************
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (এঘাৰ)

: বহুত ব্যস্ত নেকি ?

:: Quarantine ত আছো, এই হস্পিতালৰ পৰা 
   আহিলোঁ টেষ্টৰ বাবে sample দি৷

:  কিমান দিনৰ কোৱাৰেন্টাইন?

:: তিনি দিন। কালি ৰিপোৰ্ট দিব৷

:  কিবা Symptoms আছে নেকি?

:: নাই৷ থিকেই আছো৷
:: ভাত খালে ?

: নাই, এওঁ বনাই আছে৷
: কেনে পাইছা তাত থাকি?

:: ভালেই। অগতে ইয়াতেই আছিলো। ট্ৰেইনিং 
   ইয়াতেই হৈছিল৷

: থকা খোৱা কেনে?

:: থকা খোৱা ও ভাল৷ নেট হে বেয়া খুব৷

: ইয়াত কেইজনীকৈ থাকিবা এটা ৰুমত?

:: আগৰ দৰেই
:: ভাত খালে?

: নাই খোৱা, তুমি কি খালা? ভাত,ৰুটী দুয়োটা 
  দিয়ে নে?

:: উম্‌ দুয়োটাই দিয়ে৷

: আমাৰ কথাবোৰ আধৰুৱা হৈ আছে৷ মোৰ মন 
  গৈ আছে শুনিবলৈ৷

:: ও ময়ো কম বুলি ৰৈ আছো৷

: আজি ক’বা?

:: উম্‌

: আমি মোটামুটি পঞ্চম শ্ৰেণীলৈ পাতিলোঁ, 
  এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰা কোৱা৷

:: তেনেকুৱা বিশেষ ঘটনা নাই একেই আছিল৷ 
   দেউতাৰ লগত পুৱা উঠি ফুৰিব গৈছিলোঁ, 
   আবেলিও গৈছিলোঁ। পঢ়া বোৰ দেউতাই এ 
   শিকাইছিল৷

: তোমালোকৰ স্কুলত ইউনিফৰ্ম আছিল নে?

:: অছিল, খয়াৰী ৰঙৰ গ্ৰাউণ আৰু বগা চাৰ্ট V -- 
   VII  আৰু VIII - X লৈ বগা মেখেলা চাদৰত 
   ৰঙা পাৰি থকা ইউনিফৰ্ম৷

: টিউচন  আছিল?

:: আছিল VII ৰ পৰা৷ বাইদেউ এজনীয়ৰ ওচৰত৷
:: IX - X গণিত আৰু বিজ্ঞান চাৰ এজনে 
   কৰিছিল গ্ৰুপত৷

: স্কুলতে?

:: ঘৰলৈ গৈছিলোঁ৷

: আজৰি সময়ত আৰু কি কৰিছিলা? 
  মাছ মাৰিব গৈছিলা নেকি কেতিয়াবা?

:: বৰশী বাইছিলোঁ খুব, লগৰ ছোৱালী-লৰাৰ 
   লগত৷

: কাপোৰ ব’ব কেতিয়া শিকিলা?

:: সৰুতে নিজে মাটিত বনাই খেলিছিলোঁ৷ 
   পিছত মাৰ লগত মাজে মাজে শিকিছিলোঁ৷ । 
   সৰুৰ পৰাই অলপ অলপ কৈ ৷
:: দেউতাৰ লগত বাঁহৰ বেৰ দিছিলোঁ, এতিয়াও 
   ঘৰলৈ গ’লে এইবোৰ কৰোঁ৷
:: গছৰ দালৰ খৰি কাটিছিলোঁ৷ পথাৰলৈ যোৱা 
   নাই অবশ্যে৷ সৰুতে ককাৰ লগত ধনীয়া, 
   আলু তুলিবলৈ গৈছিলোঁ ক্লাছ-২ মানতে!

:  কি যে মজ্জা!

:: বৰশী বাই এতিয়াও ভাল পাওঁ☺️

: কাইলৈ বহুত কথা পাতিম দেই🥰
  আজিলৈ শুভৰাত্ৰি🌹

:: হয়, শুভৰাত্ৰি🥰

**********××××××××××**********
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (বাৰ)

: মেট্ৰিক ক’ৰ পৰা দিছিলা?

:: ২০২১ ত দিছিলোঁ গাঁৱৰ পৰা৷
:: ...... উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চেণ্টাৰ 
   আছিল৷

: ৰিজাল্ট তুমি আশাকৰা ধৰণেই হৈছিল নে?

:: বেছি ভাল হ'ব বুলি আশাকৰা নাছিলোঁ৷ কাৰণ 
   মোৰ মাম্‌চ হৈছিল । পৰীক্ষা নিদিওঁ বুলি য়ে 
   কৈছিলোঁ । কিন্তু সকলোৱে জোৰ দিলে, যি হয়       হ'ব, সেইবাবে দিলোঁ। 3rd Divn পাইছিলোঁ৷

: এটা বছৰ অথলে যোৱাটো হয়তো তোমাৰ 
  শুভাকাংক্ষীসকলে বিচৰা নাছিল৷ তথাপি 
  অসুখৰ মাজত এয়া তোমাৰ প্ৰথম সফলতা৷
: ৰিজাল্ট পাই কেনে লাগিছিল? মা-দেউতাৰাৰ
  কি প্ৰতিক্ৰিয়া আছিল?

:: মোক কোনেও একো কোৱা নাছিল, কিন্তু 
   প্ৰথম বাৰৰ বাবে মই পঢ়াক লৈ বহুত দুখী    
   হৈছিলোঁ। যাৰ আগতে সিমান ভাল ৰিজাল্ট 
   নাছিল, সিহঁতৰ মেট্ৰিকত মোতকৈ বেছি ভাল 
   ৰিজাল্ট হৈছিল, বহুতৰে৷
:: আৰুতো ওচৰৰ মানুহ দুই-এজন আছেই, কটা 
   ঘাঁ‌ত নিমখ দিয়া 😁

: তাৰ পিছত নতুন কলেজীয়া যাত্ৰা নে?

:: হয়, হায়াৰ ছেকেণ্ডাৰীলৈ গ’লো৷

: হায়াৰ চেকেণ্ডাৰীৰ কথালৈ আগবঢ়াৰ আগতে 
  আৰু অলপ কথা পাতিবলৈ থাকি গ’ল৷ 
: তোমালোকৰ গাঁৱত/এলেকাত তোলনি বিয়া 
  পাতেনে?

:: পাতে, মোৰ Class-VII ত পাতিছিল৷

: তোলনি হোৱাৰ আগতে ভয় লাগি আছিল নে? 
  তোমাৰ কিবা ধাৰণা আছিল?

:: নাজানিছিলোঁ, কিন্তু মাই সকিয়াই থৈছিল 
   ভালকৈ থাকিবলৈ৷

: তুমি কি ভাবা, এইটো এটা ব্যক্তিগত বিষয় 
  গতিকে তোলনি বিয়া পাতি ইয়াক ৰাজহুৱা 
  কৰাটো অনুচিত নে আনুষ্ঠানিক ৰীতি-নীতিৰ 
  প্ৰয়োজন আছে?

:: এইটো এটা পুৰণা পৰম্পৰা৷ নজনালেও হয়, 
   কিন্তু সকলোৱে জানিলে যিখিনি এজনী 
   গাভৰু ছোৱালীৰ দায়িত্ব সমাজে ল’ব লাগে 
   সেইখিনি লয়, সেই ভাবিয়েই চাগে আগৰ 
   পৰাই চলি আহিছে এই নিয়ম৷ মোৰ মনৰ 
   ভাব হে😊

: তোলনি হওঁতে বা বিয়া পাতোঁতে তোমাৰ কি 
  অনুভৱ হৈছিল? লাজ, ভয়, মানসিক চাপ নে 
  অন্য কিবা?

:: 1st time, ভয়-লাজ লাগিছিল৷ সেইখিনি কি 
   অনুভৱ নাজানো আৰু, লাজ নে ভয় নে কি??

: মেট্ৰিক দিয়ালৈকে প্ৰেম-ভালপোৱা এনেবোৰ 
  কিবা চিন্তা, অনুভূতি হৈছিল নে?

:: প্ৰেমৰ প্ৰথম প্ৰস্তাব VII তে আহিছিল৷ মই 
   অলপ দেখাত ডাঙৰ আছিলোঁ৷ ভয়তে ঘৰত 
   কৈ দিম বুলি কৈছিলোঁ৷ ল'ৰাটো ক’ৰ আছিল 
   নাজানো, হায়াৰ ছেকেণ্ডাৰীত পঢ়া আছিল৷
:: VIII ত চিঠি পাইছিলোঁ প্ৰথমখন৷ দেউতাক 
   দেখুৱাইছিলোঁ। আমাৰ গাঁৱত ল'ৰাটোৰ 
   আলহী আছিল, দেউতাই গৈ ভালকৈ বুজাই 
   কৈছিল৷ তাৰ পিছত আৰু একোৱে নাছিল৷
:: কলেজত কিন্তু তাক আৰু লগ পাইছিলোঁ৷ বন্ধু 
   হিচাবে কথা হৈছিলোঁ যদিও ঘৰত পছন্দ কৰা 
   নাছিল৷ কিন্তু মাতিছিলোঁ, এতিয়াও মাতো৷ 
   তাৰ বিয়াও হৈ গ’ল৷
   
: বাঃ নতুন নতুন অনুভৱবোৰ পাই আছিলা 
  তেন্তে!

**********××××××××××**********

#ডিজিটেল আলাপ

:: মঞ্জৰী :: (তেৰ)

: হায়াৰ চেকেণ্ডাৰীৰ প্ৰথম দিনাৰ কথা কোৱা?
  
:: প্ৰথম দিনা গৈ খুবেই ভাল লাগিছিল৷ অলপ 
   লাজো লাগিছিল, ল’ৰাৰ লগত প্ৰথম ক্লাছ 
   কৰিছিলোঁ!
:: চিনিয়ৰে আহি নাম সুধিছিল৷

: আগৰপৰাই কিবা ভাবি আছিলা নে, ল’ৰাৰ 
  লগত একেলগে ক্লাছ... কি হ’ব ?

:: তেনেকুৱা মনত অহা নাছিল কিন্তু প্ৰথম দিনা 
  খুব লাজ লাগিছিল৷ কাকো মতাও নাছিলোঁ৷ 
:: কিছুমান ল'ৰা বহুত বদমাচ আছিল, 
   জোকাইছিল৷
:: মোৰ বহু দিন লাগিছিল ল'ৰাৰ লগত বন্ধুত্ব 
   কৰিবলৈ কিন্তু যাৰ লগত বন্ধুত্ব হ'ল, সিহঁতৰ 
   লগত এতিয়াও আছে৷

: কি কি বিষয় লৈছিলা ?

:: Education, Economics, Geography 
   আৰু Philosophy আছিল৷

: কোনটো ক্লাছ বেছি ভাল লাগিছিল?

:: Geography

: হায়াৰচেকেণ্ডেৰীৰ পৰিবেশ, ক্লাছৰ সংখ্যা, 
  শিক্ষকসকলৰ মানদণ্ড এইবোৰ ঠিকেই 
  আছিল বুলি ভাবানে?

:: উম্‌ ভাল আছিল৷ চাৰ-বাইদেউ সকলোৱে
   বহুত মৰম কৰিছিল৷ এজন ইংৰাজীৰ চাৰ  
   আছিল, তেখেতক আমি সিমান ভাল  
   নাপাইছিলোঁ, তেখেতৰ ইংলিছ বুজি 
   নাপাইছিলোঁ আমি৷

: পঢ়ুওৱা আৰু পঢ়াৰ পৰিবেশ আছিলনে 
  স্কুলত? লগৰবোৰৰ পঢ়াৰ প্ৰতি ধাউতি
  আছিল?

:: আছিল আছিল৷ ৰুমবোৰ নতুনকৈ বনাইছিল৷ 
   সকলোৱে পঢ়িছিল৷

: টিউচন ল’ব লগা হৈছিল নে?

:: Economics ত লৈছিলোঁ৷

: কিবা উল্লেখযোগ্য ঘটনা সেই সময়ৰ? মনত 
  পৰে?

:: তেনেকুৱা একো নাই৷ Annual Function ত 
   ভাগ লৈছিলোঁ৷ খেলা, বিহুগীত, বিয়ানাম, 
   ভেশচন, কৌতুক৷
:: ভেশচনত মই মদাপীৰ ঘৈণীয়েকৰ ভাও    
   লৈছিলোঁ আৰু বন্ধু এজনে মদাহী স্বামীৰ৷ । 
   এতিয়াও তাৰ ঘৈণীয়েক বুলি জোকাই😂
:: আমি প্ৰথম পুৰস্কাৰ পাইছিলোঁ৷

: কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছিলা নেকি? বা 
  কোনোবাই তোমাৰ প্ৰতি?

:: প্ৰস্তাৱ বহুত আহিছিল, মই accept কৰা 
   নাছিলোঁ৷ বেলেগ বেলেগ ঠাইৰ আছিল, 
   কাকো জনাও নাছিলোঁ তেনেকৈ, সেইবাবে৷

: ভাল লাগিল দিয়া৷ ভাত খাওঁ৷ কাইলৈ লগ পাম৷

:: উম্‌ ঠিক আছে, শুভৰাত্ৰি🌹

:: Take care of yourself 🌹

********** ×××××××××× **********
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (চৈধ্য)

: দিনটো ভালদৰে গ’লনে, মঞ্জৰী?

:: উম্‌ গ’ল৷

: মা-দেউতাৰাক ফোন কৰানে?

:: সময় পোৱাৰ দিনা দিনতে কৰোঁ, দিনত 
   নাপালে ৰাতি কৰোঁ৷ আজি অলপ আগতে 
   কৰি উঠিলোঁ৷

: এতিয়া কোৱা, হায়াৰচেকেণ্ডেৰীত ৰিজাল্ট 
  কেনে হৈছিল?

:: 67% আৰু অসমীয়াত লেটাৰ মাৰ্কচ আছিল৷

: বাঃ এইবাৰ সকলো সুখী আছিল চাগে?

:: হৈছিল, মইহে আৰু অলপ আশা কৰিছিলোঁ৷ । 
   কিন্তু দুখো কৰা নাছিলোঁ৷
:: মেট্ৰিকত বহুত লাজ পাইছিলোঁ সেইবাবে মনে 
   মনে বহুত কষ্ট কৰিছিলোঁ৷

: স্কুলৰ আনবোৰৰ ৰিজাল্ট কেনে আছিল?

:: ভাল হৈছিল, সকলোৱে পাছ কৰিছিল৷  
   মেট্ৰিকত মোতকৈ ভাল নম্বৰ পোৱা বহুতৰে 
   ৰিজাল্ট এইবাৰ মোতকৈ বেয়া হৈছিল৷

: তোমাতকৈও ভাল হৈছিল নে কাৰোবাৰ?

:: হৈছিল হৈছিল৷

: বাঃ ভাল লাগিল৷
: চুবুৰীয়াই এইবাৰ কি কৈছিল?

:: বহুত ভাল হোৱা বুলিয়েই প্ৰশংসা কৰিছিল, 
   দিহা পৰামৰ্শ দিছিল ভৱিষ্যতৰ বাবে৷

: তাৰ পিছত ক’ত নাম লগালা?

:: দেউতাই নলবাৰী নহ’লে বজালী কলেজৰ 
   কথা কৈছিল, মই কিন্তু মানা কৰিছিলোঁ৷
:: প্ৰথমতে মই BA নপঢ়োঁ বুলিয়েই কৈছিলোঁ৷ 
   পঢ়াৰ মন নাছিল৷
:: জোৰ কৰাতহে উপায়বিহীন হৈ এডমিচন 
   ল’বলৈ মান্তি হৈছিলোঁ৷ টিহু কলেজত 
   লৈছিলোঁ, Geography ত মেজৰ সহ৷

: হায়াৰচেকেণ্ডেৰীৰ পিছত পঢ়িবলৈ মন নাছিল, 
  কি কৰাৰ মন আছিল?

:: চাকৰি কৰাৰ মন আছিল খুব৷

: ইমান সৰুতে? কিয়?

:: কিছু কিছু ক্ষেত্ৰত ছোৱালী বুলি হীন ব্যৱহাৰৰ 
   অভিজ্ঞতা হৈছিল৷ এনেকুৱা কিছুমান মানুহ 
   আছিল যিয়ে ল’ৰা নথকা বাবে মোৰ 
   পৰিয়ালক হাঁহিছিল৷
:: বুজি পাই কথাবোৰ দেউতাক কৈছিলোঁ৷ 
   দেউতাই উৎসাহ দি কৈছিল, "নিজৰ ভৰিত 
   থিয় দি দেখুৱাই দে, মানুহৰ কথা নুশুনিবি"৷
   "সৰু-ডাঙৰ যিকোনো কাম কৰ"৷ 
:: তেতিয়া মনলৈ চাকৰিৰ কথা আহিছিল,
   ফৌজী!
:: মই মেট্ৰিক দি উঠি পোৱা দিনকেইটাত কাটিং 
   শিকিছিলোঁ৷ তেতিয়া এডমিচন ফিজ আছিল 
   ৫০.০০ আৰু মাহিলী ফিজ ১০০.০০ টকা৷ 
   ফেব্ৰিকো কৰিছিলোঁ৷ মনত ভাৱ হৈছিল যে 
   নিজাকৈ কিবা এটা কৰিবই লাগিব৷
:: ঘৰত বুজাইছিল যে পঢ়াটো চাকৰিতকৈ বেছি 
   জৰুৰী৷ ২/৩ মাহ লাগিছিল নিজক পতিয়ন 
   নিয়াবলৈ৷ 
   তাৰ পিছতহে কলেজত মন বহিছিল৷

: পঢ়াৰ লগে লগে চাকৰিৰ প্ৰস্তুতি কৰিছিলা?
: ক’ৰবাত আবেদন কৰিছিলা? কিবা ইন্টাৰভিউ   
  দিছিলা?

:: ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আবেদন 
   কৰিছিলোঁ৷ অসম পুলিচ, এক্সাইজ পুলিচ । 
   আদিত দিছিলোঁ 
   কিন্তু পইচাৰ লেনদেন হোৱা বাবে নহ’ল৷

: ডিগ্ৰীৰ কথা শুনিম, কৈ যোৱা৷

:: প্ৰথম দিনাৰ অভিজ্ঞতা এক্কেবাৰে বেয়া৷ ঘূৰি 
   আহোঁতে বাটতে মোৰ চাইকেলখনৰ পাংচাৰ 
   হৈছিল৷ বহুত ৰ’দ আৰু ভীষণ গৰম, তাতে 
   হাতত ছাটি নাই৷ তেনেকৈয়ে কেইবা কিলো  
   মিটাৰ খোজ কাঢ়ি কাঢ়ি আহি ঘৰ পাইছিলোঁ৷
:: মোৰ লগত মোৰ তলৰ ক্লাছৰ ভন্টী এজনীও 
   আছিল৷ তাইৰ বাবে বেছি বেয়া লাগিছিল 
   মোৰ৷
   
: ঘৰৰ পৰা চাইকেল কৰি যাব পাৰি? 
  কিমান দূৰ?

:: ৪০/৪৫ মিনিট লাগে চাইকেলেৰে৷
:: মাজে মাজে অৱশ্যে টেম্পোতো গৈছিলোঁ, 
   কিন্তু লগৰবোৰৰ লগত চাইকেল কৰি যোৱাৰ 
   মজাই বেলেগ৷ মুঠতে চাইকেল জিন্দাবাদ!

:: প্ৰথম দিনা কলেজতটো একেবাৰে ভাল লগা 
   নাছিল৷ চব নতুন নতুন ছোৱালী-ল’ৰা৷ মাত্ৰ 
   এজনী মোৰ গাঁৱৰ ছোৱালী আছিল৷ আমি  
   দুয়ো বেলেগে আৰু সেই কলেজৰে পুৰণা
   বোৰৰ এটা বেলেগ গ্ৰুপ৷

: আজিলৈ এৰো দিয়া৷

:: হয়, Bye

********** ×××××××××× **********
#ডিজিটেল আলাপ

:: মঞ্জৰী :: (পোন্ধৰ)


: থাকিবানে? অলপ কথা শুনোঁ যদিহে সময় হয়৷

:: হয়, আছো৷

: Geography ভাল কিন্তু বহুত কঠিন বিষয়৷

:: উম্‌ প্ৰেকটিকেলত বহুত সময় দিব লাগে৷

: মেজৰ বিষয় হিচাবে টান পাইছিলা নে সহজ?

:: Geography মোৰ আগৰ পৰাই আছিল, 
   মোৰ প্ৰিয় বিষয়ো৷ অলপ টান হ’লেও পঢ়ি 
   ভাল পাইছিলোঁ৷
   
: এতিয়া কলেজলৈ আহোঁ, 
  কি কি মস্তি কৰিছিলা?

:: ক্লাছ নাথাকিলে বেছিভাগ সময় মই 
   ডিপাৰ্টমেণ্টৰ পৰা তললৈ আহিছিলোঁ৷ মোৰ 
   নতুন নতুন নিৰ্দিষ্ট বন্ধু-বান্ধৱী হৈছিল,    
   ডিপাৰ্টমেণ্টৰ বান্ধৱীবোৰৰ লগত বেছি ভাল 
   লগা নাছিল৷
:: নতুন বন্ধু-বান্ধৱীবোৰ মোৰ দৃষ্টিত অলপ 
   বেলেগ আছিল৷

: মানে?

:: মোৰ নতুন বন্ধু-বান্ধৱী বোৰৰ যেন কোনো 
   চিন্তাই নাই এই পৃথিৱীৰ। বিন্দাছ আৰু! কিন্তু 
   জীৱনক লৈ বহুত চিন্তিত। আমি বেছিভাগ 
   ইটোৱে সিটোৰ ভাও দিছিলোঁ, এনেকৈ বহুত  
   স্ফূৰ্তি কৰিছিলোঁ৷ লাইব্ৰেৰীলৈ গ’লেও    
   একেলগে গৈছিলোঁ৷ সদায় এজন এজনে 
   পাৰ্টি দিছিলোঁ৷

: বাঃ মজা!

:: কেতিয়াবা বহুত সময় ভবিষ্যতে কি হ’ম, কি    
   কৰিম এইবিলাক কথায়ে পাতিছিলোঁ৷

: কিবা দুষ্টামি?

:: কোনোবা বন্ধুৰ ছোৱালী পছন্দ হ’লে ক’ব 
   গৈছিলোঁ ছোৱালী জনীক😁

: মিড’ল উইমেন😂

:: এবাৰ এহালৰ বহুত কাজিয়া লাগিছিল, 
   তেতিয়া আমি বাকী কেইজনে লগ হৈ 
   বুজা-বুজি কৰি দিছিলোঁ৷

: তোমাক কোনে কোনে পছন্দ কৰিছিল?☺️

:: আমাৰ গ্ৰুপৰ কোনোৱে কৰা নাছিল, কিন্ত 
   এজন ল’ৰা আছিল ভাল লাগিছিল৷ কিন্তু 
   প্ৰপ’জ কোনেও কাকো কৰা নাছিলোঁ৷😄
   আমি একদম বন্ধুৱেই আছিলোঁ৷

: নাটক, থিয়েটাৰ, চিনেমা এইবোৰ?

:: নাটক কৰিছিলোঁ গাঁৱলীয়া জীবনৰ ওপৰত৷ 
   খুব জমনী হৈছিল, আমি দুই এটা দাইলগ 
   পাহৰি গৈছিলোঁ আৰু কোনোবাৰটো 
   কোনোবাই কৈছিলোঁ! প্ৰম্পটাৰে পিছৰ পৰা
   কৈ আছিল, আমি কি কৈছ যোৰ কৰি ক 
   যোৰ কৰি ক বুলি কৈছিলোঁ৷ এইকথাটোক লৈ 
   আজিও হাঁহো৷😁

: হাঃ হাঃ হাঃ
: স্কুল-কলেজত ৰাজনীতিত অংশ লৈছিলা নে?

:: Indirectly লৈছিলোঁ । প্ৰচাৰত অংশ গ্ৰহণ 
   কৰিছিলোঁ৷

: কোন আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিলা?

:: জাতীয়তাবাদী, AASU

: ছাত্ৰই ৰাজনীতিত অংশ ল’ব লাগে নে নালাগে, 
  তোমাৰ মতামত?

:: ৰাজনীতিত একেবাৰেই অনভিজ্ঞ৷ ছাত্ৰ যিহেতু 
   দেশৰ ভবিষ্যত নাগৰিক, লাগে বুলিয়ে ভাবোঁ৷ 
   কিন্তু ৰাজনীতিত গৈ যে কূটনীতি কৰে, সেইটো 
   পছন্দ নকৰোঁ৷

: ভাল কথা ক’লা😁

*** ×××××××××× **********

#ডিজিটেল আলাপ

:: মঞ্জৰী :: (ষোল্ল)

: ডিগ্ৰীৰ ৰিজাল্ট কেনে হ’ল?

:: ৫৯% পাইছিলোঁ,চাকৰিৰ ধাণ্ডাত পঢ়া নাছিলোঁ 
   যে৷

: বাঃ, ৫৯% বহুত ভাল নম্বৰ৷ দৌৰা বা আন
  শৰীৰ চৰ্চা কৰিছিলা? কেতিয়াৰ পৰা?

:: মই 3rd Semesterত টাইকোৱাণ্ডোত জইন 
   কৰিছিলোঁ৷ ক্লাছ  ii/iii পৰা দেউতাৰ লগত 
   প্ৰায়েই ব্যাম কৰিছিলোঁ৷ Interview ৰ সময়ত 
   দেউতাও পুৱাৰাতি উঠিছিল,চাইকেল চলাই 
   চলাই মোৰ লগত গৈছিল আৰু মই 
   দৌৰিছিলোঁ৷ মোক দেখি ওচৰৰে এজনী    
   ছোৱালীও ওলাইছিল৷

: কিমান দূৰ?

:: কিমান দূৰ ক’ব নোৱাৰোঁ, কিন্তু ৪০/৪৫ মিনিট 
   দৌৰিছিলোঁ৷

: এই সময়চোৱাত চাকৰি বিচাৰি আছিলা? 

:: পুলিচৰ ইণ্টাৰ্ভিউ দি আছিলোঁ৷

: সৰুৰ পৰা ডিগ্ৰীলৈ ছোৱালী হিচাবে কিবা 
  নেতিবাচক অভিজ্ঞতা?

:: তেনেকুৱা বিশেষ নাই বাৰু, কিন্তু কম সময়তে 
   বহুতক আপোন বুলি ভাবি পিছত দুখ পাইছোঁ 
   বহুত।😄

: ছোৱালী কিছুমান কেতিয়াবা আতিশয্যৰ 
  সন্মুখীন হয়, ছাত্ৰী অৱস্থাত তেনে কিবা?

:: নাই, তেনেকুৱা অভিজ্ঞতা নাই৷ এবাৰ ৰাতি 
   নলবাৰীলৈ ৰাস চাবলৈ যাওঁতে এজন ল’ৰাই 
   পিছফালে চুই আছিল মাজে মাজে৷ এবাৰ 
   সুবিধা বুজি হাতত থাপ্‌মাৰি ধৰি প্ৰচণ্ড জোৰে 
   চৰ সোধাইছিলোঁ৷ পিছত মানুহবোৰে লপাথপা 
   দি পুলিচক গতাই দিছিল৷

: বেচ সাহসী তুমি! ভাল লাগিল শুনি৷
: কলেজ এৰালৈকে তোমাৰ প্ৰেম নহ’ল?

:: প্ৰেম মানে সেই ল’ৰাজন! তাতেই শেষ😁

: So sad😂 
: তোমালোকৰ আলোচনাৰ বিষয় বস্তু মূলতঃ কি 
  আছিল? কলেজৰ বন্ধু বান্ধৱীৰ মাজত?

:: আমি সকলো নিম্ন বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ 
   আছিলোঁ, সেয়েহে আমি কৰ্মকে প্ৰাধান্য 
   দিছিলোঁ, পঢ়া শেষ কৰি কি কৰিম?

: দেশৰ ৰাজনৈতিক পৰিস্থিতি, অৰ্থনৈতিক 
  অৱস্থা, সাহিত্য, সংস্কৃতি এইবোৰ নিয়মীয়া 
  আলোচ্য বিষয় নাছিল তেন্তে?

:: দেখা বা শুনা খিনিয়েই, আমি বিশেষ অংশ 
   নলৈছিলোঁ, বয়সো কম আছিল৷

:: নতুন প্ৰজন্মৰ শিক্ষিতা ছোৱালী হিচাবে আৰু 
   কেইটামান কথা সুধিম৷

:: ঠিক আছে৷

: লিভ্‌ইন ৰিলেচনশ্বিপক আইনে স্বীকৃতি দিছে৷ 
  তুমি নিজৰ ক্ষেত্ৰত প্ৰয়োজন হ’লে এনে 
  ব্যৱস্থাত সোমাবা নে?

:: মই সমৰ্থন কৰোঁ, কাৰণ আজিৰ যুগত পাৰিলে 
   ইজনে সিজনক বুজি লোৱা দৰকাৰ৷ কিন্তু মই 
   নিজে এনে ব্যৱস্থাত সোমাব নিবিচাৰোঁ৷ মই 
   প্ৰচলিত সমাজ ব্যৱস্থা ম’তেই চলিবলৈ ভাল 
   পাওঁ৷

: বিয়াৰ আগতে শাৰীৰিক সম্পৰ্ক গ্ৰহণযোগ্য হয় 
  নে নহয়?

:: মই উচিত বুলি নাভাবোঁ৷ আমি যিমানেই মডাৰ্ণ 
   টেক্‌নলজি ব্যৱহাৰ নকৰোঁ কিয়, কিছুমান 
   কথাত out dated হৈ থাকিয়েই ভাল পাওঁ 
   মই৷

: সমকামীতাকো আইনে স্বীকৃতি দিছে, আনকি 
  বিয়াৰ বাবেও অনুমতি দিছে৷ তোমাৰ অভিমত?

:: সমৰ্থন কৰোঁ৷ বিধিসন্মত ভাৱে সুখী হোৱাৰ 
   অধিকাৰ সকলোৰে আছে৷

: তৃতীয় লিংগৰ মানুহৰ বিষয়ে কেতিয়াবা গভীৰ 
  ভাবে চিন্তা কৰি চাইচানে? তেওঁলোকৰ   
  জীৱনশৈলীৰ উন্নতিৰ বাবে সমাজৰ কি দায়িত্ব
  হোৱা উচিত?
  
:: তৃতীয় লিংগৰ মানুহকো সমান অধিকাৰ দিব 
   লাগে, সমাজে সমানে গ্ৰহণ কৰিব লাগে৷ কিন্তু 
   বাস্তৱত এনে নহয়, আনকি শিক্ষিত মানুহেও 
    নাক কোঁচাই যিটো দুৰ্ভাগ্যজনক৷

: ১) ভাৰতৰ বহু মহিলা গাৰ্হস্থ্য নিৰ্যাতনৰ বলি 
  হয়, ইয়াৰ মুখ্য কাৰণ কি? 
 ২) নাৰী-পুৰুষ উভয়ৰ ওপৰত বাঢ়ি অহা যৌন 
     নিপীড়নৰ কাৰণ কি কি বুলি ভাবা?

:: ১) কাৰণ বহুত আছে৷ বুজাবুজিৰ অভাৱ৷ 
   কিছু ক্ষেত্ৰত দেখা যায় ইজনৰ সিজনৰ প্ৰতি  
   সন্মানৰ অভাৱ৷ ইয়াতকৈও মুখ্য কাৰণ 
   অশিক্ষিত মানুহৰ অদুৰদৰ্শীতা৷ পূৰণি নীতি 
   নিয়ম, অন্ধবিশ্বাস এইবিলাকো আছে৷
:: ২)অল্পবিদ্যা ভয়ংকৰীৰ দৰে কথা৷ নিজক 
   বহুত আপডেটেদ, স্মাৰ্ট বুলি ভাবি "বহুত কথা 
   জানো" এইটো লেবেল দি নিজক সজাই    
   ল'ব আৰু পৰিণাম বেলেগ হয়৷ মবাইলো এই    
   ক্ষেত্ৰত দোষী৷ সৰু সৰু ল'ৰা ছোৱালী খিনিও 
   এনেকৈয়ে নষ্ট হৈ গৈছে৷ অভিভাৱকসকলেও 
   খোলা খুলিকৈ কথা নাপাতে৷

: বেশ্যাবৃত্তি এক আদিম বৃত্তি যদিও ইয়াক
  সমাজে এতিয়াও জীৱন নিৰ্বাহৰ অসৎ পথ 
  বুলি গণ্য কৰে৷ এই বৃত্তিত জড়িত সকলে যুক্তি  
  দৰ্শাই যে সকলো জীৱিকাতে মানুহে দেহৰ 
  বিভিন্ন অংগৰ ব্যৱহাৰ কৰে, তেওঁলোকেও 
  ঠিক তাকেই কৰে৷ তুমি কি ভাবা, সমাজে 
  বেশ্যাবৃত্তিক সন্মানজনক জীৱিকা হিচাবে 
  স্বীকৃতি দিয়া উচিত নে?

:: সমাজ যিমানেই আধুনিক নহওক কিয়, 
   কিছুমান কথা মুকলিকৈ গ্ৰহণ কৰাৰ সাহস 
   বহুতৰে নাথাকে৷ স্বীকৃতি দিয়াটো ভাল হ’ব 
   বুলি ভাবোঁ৷ ধৰ্ষণৰ সংখ্যা কমাৰ সম্ভাৱনা 
   আছে৷ কিন্তু ইয়াৰ বেয়া প্ৰভাবো নপৰাকৈ 
   নাথাকিব৷

: তোমাৰ ট্ৰেইনিঙৰ প্ৰথম দিনাৰ অভিজ্ঞতা 
  কেনে আছিল? ক’ত হৈছিল?

:: ইয়ালৈ অহাৰ ১৫ দিনৰ পিছত ট্ৰেইনিং আৰম্ভ 
   হৈছিল৷ প্ৰথম দিনা পূজা হৈছিল৷ আমাক 
   পেৰডৰ সাধাৰণ নিয়মবোৰ শিকাইছিল৷ 
   সকলো ভাল লাগিছিল৷ 
   ইয়াতেই মানে বেংগালুৰুত হৈছিল ট্ৰেইনিং, 
   এঘাৰ মাহ৷

: ছোৱালীবোৰক বেয়া কথা কৈ হাৰাশাস্তি কৰে 
  বুলি শুনো, হয়নে কথাটো?

:: নহয় নহয়, তেনেকুৱা একো নহয়৷ কাৰো 
   হিম্মতেই নাথাকে বেয়া কথা ক’বলৈ৷

: বন্দুকটো দাঙি দাঙি কান্ধ নিবিষাই নে?

:: প্ৰথম দিনা বহুত কষ্ট হৈছিল, লাহে লাহে 
   অভ্যাস হ’ল৷

: তুমি বহু ঠাই ঘূৰিলা, বিভিন্ন ঠাইৰ বহু ছোৱালী 
  লগ পালা, অসমৰ আৰু বেলেগ ঠাইৰ 
  ছোৱালীৰ মাজত চকুতলগা পাৰ্থক্য ক’ত?

:: অসমৰ মানুহ বহুত helpful আৰু স্বাৰ্থপৰ    
   নহয়৷ এক কথাত ক’বলৈ হ’লে অসমীয়া 
   মানুহৰ দৰে সহজ সৰল মানুহ ক’তো পাবলৈ 
   নাই৷

: তোমাৰ লগত ইমান দিনে বহুত কথা পাতিলোঁ, 
  তোমাৰ অভিজ্ঞতাবোৰ শুনিলোঁ৷ বহুত ধন্যবাদ 
  যাঁচিলোঁ, তোমাৰ সহযোগিতাৰ বাবে৷ তোমাৰ 
  ভৱিষ্যত সুৰক্ষিত হওক আৰু বহুত সুখী হোৱা 
  সেই কামনাৰে এই খণ্ডটোৰ সমাপ্তি ঘটালোঁ৷ 
  তোমাৰ বিয়া-বাৰু হোৱাৰ পিছত, কিছুবছৰৰ 
  পিছত আকৌ এনেদৰে নতুন অভিজ্ঞতাবোৰ 
  শুনিম৷ 
  শুভেচ্ছা জনাই সামৰিছোঁ৷

:: Thank you so much. আপুনিয়েই মোৰ জীৱনৰ প্ৰথম ব্যক্তি যিয়ে ইমান মন দি মোৰ কথাবোৰ শুনিলে৷ মোৰ বহুত ভাল লাগিল আপোনাৰ আগত কথাবোৰ প্ৰকাশ কৰি৷ 🙏

********** সমাপ্ত *********

#ডিজিটেল



Next Post Previous Post
No Comment
Add Comment
comment url

You may also like