অ' ফুল অ' ফুল
(শৈশৱৰ ভাল লগা কবিতা-১)
কবিতা :
:: অ' ফুল অ' ফুল ::
অ’ ফুল অ’ ফুল
নুফুল কিয় ?
গৰুৱে যে আগ খায়
মইনো ফুলিম কিয় ?
অ’ গৰু অ’ গৰু
আগ খাৱ কিয় ?
গৰখীয়াই যে মোক নৰখে
মইনো নাখাম কিয় ?
অ’ গৰখীয়া অ’ গৰখীয়া
গৰু নৰখ কিয় ?
ৰান্ধনীয়ে যে ভাত নিদিয়ে
মইনো ৰখিম কিয় ?
অ’ ৰান্ধনী অ’ ৰান্ধনী
ভাত নিদিয় কিয় ?
খৰিকটীয়াই যে খৰি নিদিয়ে
মইনো দিম কিয় ?
অ’ খৰিকটীয়া অ’ খৰিকটীয়া
খৰি নিদিয় কিয় ?
বৰ গছ যে কাটি থৈছোঁ
নুশুকায়নো কিয় ?
অ’ বৰগছ অ’ বৰগছ
নুশুকাৱ কিয় ?
মেঘে যে বৰষুণ দিয়ে
মইনো শুকাম কিয় ?
অ’ মেঘ অ’ মেঘ
বৰষুণ দিয় কিয় ?
ভেকুলীয়ে যে টোৰটোৰায়
মইনো নিদিম কিয় ?
অ’ ভেকুলী অ’ ভেকুলী
টোৰটোৰাৱ কিয় ?
বোপাককাৰ সহজটো
মইনো এৰিম কিয় ?
মই কৰোঁ টোৰ টোৰ ,
মেঘে গাজে গুৰ গুৰ ,
বৰষুণ পৰে হুৰ হুৰ।