ধৰ্ম আৰু ৰাজনীতি

 #প্ৰৱন্ধ :



:: ধৰ্ম আৰু ৰাজনীতি ::


            আমাৰ গৌৰৱৰ ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ৷ স্বৰাজোত্তৰ কালছোৱাত ভিন্ন জনগাঁথনিৰ এই বৃহৎ দেশখনে বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ মাজেৰে অভিজ্ঞতা পুষ্ট হৈ উঠিছে৷ ভাৰতীয় ৰাজনীতি বিভিন্ন সামাজিক তত্ত্বৰ দ্বাৰা প্ৰভাবিত হৈ আজিৰ পৈণত ৰূপ পাইছে৷ পৌৰাণিক কালৰে পৰা সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক আধ্যাত্মিক দৰ্শনৰ বাবে শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছে৷ 'ধৰ্ম' ভাৰতীয় সভ্যতা, পৰম্পৰা, সংস্কৃতি আৰু সমাজ ব্যৱস্থাৰ জীৱন ৰেখা৷ খাদ্য, পোছাক, শিক্ষা, পৰম্পৰা, উৎসৱৰ পৰা ৰাজনীতিলৈকে দৈনন্দিন জীৱনৰ প্ৰতিটো পদক্ষেপতে ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট৷ সাংবিধানিক ভাবে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনৰ ৰাজনীতিৰ স’তে 'ধৰ্ম' কি ভাবে জড়িত হোৱা উচিত বা জড়িত হোৱা উচিত নে? ভাৰতৰ ৰাজনীতিত ধৰ্মীয় নেতৃত্বৰ সক্ৰিয় অংশ গ্ৰহণ গ্ৰহণযোগ্য নে?

          ধৰ্ম সৰ্বকালৰ এটি অতি স্পৰ্শকাতৰ বিষয়৷ ধৰ্মৰ মুখ্য উদ্দেশ্য হ’ল সুশৃংখলিত আৰু সুসংগঠিত এক সমাজ ব্যৱস্থা৷ ধৰ্ম সংযম আৰু সহনশীলতাৰ সামুহিক কচৰৎ৷ আনহাতে, ৰাজনীতিৰ মূল উদ্দেশ্য হ’ল শাসন আৰু সুশাসনৰ জৰিয়তে দেশ তথা শাসিত জণসাধাৰণৰ সৰ্বাংগীণ উন্নয়নৰ হ'কে নীতি নিৰ্ধাৰণ কৰা, কাম কৰা আৰু দেশ তথা জনগণৰ সুৰক্ষা সুনিশ্চিত কৰা৷ ৰাজনীতিও সময়ৰ লগে লগে ধৰ্মৰ দৰেই অতি স্পৰ্শকাতৰ বিষয় হৈ পৰিছে৷ বৰঞ্চ ক’ব পৰা যায় যে ধৰ্ম আৰু ৰাজনীতি, দুয়োটা বিষয়কে উদ্দেশ্য প্ৰণোদিত ভাবে পৰ্যায়ক্ৰমে অধিক স্পৰ্শকাতৰ কৰি তোলা হৈছে৷ 

          অন্ধবিশ্বাসৰ পুনৰ ৰোপণ আৰু বহুল প্ৰচাৰৰ জৰিয়তে মানুহৰ দুৰ্বল তথা ভয়বিহ্বল মনটোক আৰু অধিক সংকীৰ্ণ কৰি ধৰ্মৰ ছত্ৰছায়াত বিবেকক বিভ্ৰান্ত কৰাৰ সুপৰিকল্পিত প্ৰচেষ্টা সৰ্বদা অব্যাহত আছে৷ অস্পষ্ট আৰু অনিৰ্দিষ্ট ধৰ্মীয় নিৰ্দেশনাবোৰৰ স্বাৰ্থজড়িত ব্যাখ্যাৰে ৰাজদণ্ডৰ সুৰক্ষা নিশ্চিত কৰি অহা হৈছে৷ অতীজত ধৰ্মৰ শাসনেৰেই দেশ শাসিত হোৱাৰ বহু উদাহৰণ আছে৷ পৰৱৰ্তী কালত ধৰ্মৰ দ্বাৰা দেশ শাসন নহ’লেও ৰাজধৰ্মৰ দ্বাৰা ৰাজনীতিৰ মাৰ্গদৰ্শন হৈছিল আৰু এতিয়াও বহু ৰাষ্ট্ৰত এই ধাৰা অব্যাহত আছে৷ ৰাজধৰ্মৰে দীক্ষিত নাগৰিকে অইন ধৰ্মৰ নাগৰিকৰ তুলনাত অধিক সা-সুবিধা উপভোগ কৰে৷ কোনো কোনো শাসকে অইন ধৰ্মৰ নাগৰিকক নিৰ্যাতনো কৰিছিল, যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু সাধাৰণ প্ৰজাই ধৰ্মান্তৰিত হ’বলৈ বাধ্য হৈছিল৷ মোগল শাসকে প্ৰৱৰ্তন কৰা "জিজিয়া কৰ" তেনে এটি সামান্য উদাহৰণ৷   

          ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্ক কোনো নতুন সংযোজন নহয়৷ সময়ে সময়ে এই দুই বিষয়ৰ ওপৰত আলোচনা, সমালোচনা, অধ্যয়ন, পৰ্যালোচনা হৈ আহিছে৷ সুদীৰ্ঘ কালৰে পৰা ধৰ্মই ৰাজনীতিক যিদৰে প্ৰভাবিত কৰি আহিছে, ঠিক তেনেদৰে দুয়োটাৰে সংঘাতো লক্ষণীয়৷ কেতিয়াবা যদি ধৰ্মই ৰাজনীতিক কাবু কৰিছে, কেতিয়াবা আকৌ তাৰ ওলোটা হৈছে৷ চতুৰ শাসকে ধৰ্মৰ স’তে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিহে নিজৰ স্থিতি সবল আৰু দীৰ্ঘস্থায়ী কৰিবলৈ চেষ্টা কৰি আহিছে, বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা তাৰ প্ৰমাণ পোৱা গৈছে৷ বৰ্তমান ভাৰতৰ ৰাজনৈতিক দলবোৰেও সাধাৰণ নাগৰিকৰ ধৰ্মীয় অনুকম্পাক জাগ্ৰত কৰি মুনাফা লুটিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই৷

          ধৰ্মই যিদৰে সমধৰ্ম্মীয়সকলক একতাৰ ডোলেৰে বান্ধি ৰাখিছে ঠিক তেনেদৰে ধৰ্মৰ ভিন্নতাই তিক্ততাপূৰ্ণ বিভেদ সৃষ্টিটো সফল হৈছে৷ এই দুয়োটা স্থিতিৰে সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে শাসক শ্ৰেণীয়ে৷ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ সাংবিধানিক সুৰুঙাৰ অপব্যাখ্যাৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত ধৰ্মৰ বহুল ব্যৱহাৰ কিম্বা অপব্যৱহাৰ হৈ আহিছে৷ এহাতে ধৰ্মৰ নামত একত্ৰিত কৰি ৰাজনৈতিক মুনাফা লাভ কৰিছে, আনহাতে বিভেদৰ বৰবিহ ঢালিও ৰাজনীতিৰ নীতিহীন খেল খেলিছে৷ ধৰ্মৰ ৰাজনীতিকৰণৰ বাবেই ভাৰত একাধিকবাৰ বিভাজন হৈছে৷ বিভাজনৰ সময়চোৱাৰ বিভীষিকাময় অভিজ্ঞতা আজিও প্ৰতিজন ভাৰতীয়ৰ বুকুত সজীৱ হৈ আছে৷ স্বাধীন ধৰ্মনিৰপেক্ষ ভাৰতত ৰাজনীতিৰ ধৰ্মীয়কৰণৰ পৰিণাম কিমান ভয়ানক আৰু লজ্জাজনক হ’ব পাৰে সেয়া ১৯৯২ ৰ সংঘাতে শিকাই থৈছে৷ ভাৰতীয় ইতিহাস আৰু ৰাজনীতিক কলংকিত কৰা এনে দুৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি শান্তি প্ৰিয় সাধাৰণ নাগৰিকে কেতিয়াও নিবিচাৰে৷ নিৰক্ষৰতা আৰু বিজ্ঞান সন্মত শিক্ষাৰ অভাৱৰ বাবে ভাৰতৰ জনগণ আজিও ধৰ্মীয় নেতাৰ দ্বাৰা প্ৰভাৱান্বিত৷ ধৰ্মীয় শিক্ষানুষ্ঠান সমূহে যুক্তিযুক্ত শিক্ষাৰ প্ৰচাৰৰ পৰিৱৰ্তে স্থৱিৰ, সংৰক্ষণশীল চিন্তাক উজাগৰ কৰি আহিছে৷ এনে অনুষ্ঠানবোৰেই কুসংস্কাৰ আৰু অন্ধবিশ্বাসেৰে শিক্ষাৰ্থীৰ মস্তিস্কবোৰ কলুষিত কৰিছে৷ কৌটিকলীয়া চিন্তা চৰ্চাৰ প্ৰসাৰেৰে আধুনিক বিজ্ঞানসন্মত শিক্ষাক আঁতৰাই ৰাখি স্বাৰ্থান্বেষী মহলে জনসাধাৰণক পৰিকল্পিত ভাবে অন্ধকাৰত ৰাখিছে৷ সুসংগঠিত ধৰ্মীয় ব্যৱস্থাটোক সাধাৰণ মানুহে অত্যন্ত ভয় কৰে, যিদৰে ভয় কৰে ভগৱানক! ভুল বা কুসংস্কাৰ বুলি জানিও ভয়ৰ বশবৰ্ত্তী হৈ সাধাৰণ নাগৰিকে মুখ খুলিবলৈ সাহস নকৰে৷ ধৰ্ম বহু সময়ত হিংস্ৰ হোৱাও দেখা যায়৷ ধৰ্মীয় সন্ত্ৰাসবাদ ৰাজনীতিৰেই অংশ বিশেষ৷ নিজৰ অস্তিত্ব বিপদাপন্ন হ’লেই ধৰ্ম অসহনশীল হৈ পৰে, ঠিক ৰাজনীতিৰ দৰেই! প্ৰতিটো ধৰ্ম আৰু শাসকগোষ্ঠীৰ নেতৃত্বই নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ অসংবেদনশীলতা আৰু অনৈতিকতাৰ আশ্ৰয় লয়৷ ধৰ্মীয় সংখ্যাগুৰু বা সংখ্যালঘু দুয়োটাই ৰাজনীতিৰ একো একোটা নিৰ্নায়ক অস্ত্ৰ! গণতন্ত্ৰত ৰাজনৈতিক দলবোৰে সংখ্যাগৰিষ্ঠতা লাভৰ বাবে সকলো প্ৰকাৰৰ, আনকি কপটতাৰো আশ্ৰয় লয়৷ ভাৰতৰ নিচিনা জাতিবাদত বিশ্বাসী সমাজ এখনত ৰাজনীতিৰ লেতেৰা খেল খেলিবলৈ ধৰ্মীয় গোৰামীক ব্যৱহাৰ কৰি অহা হৈছে৷ বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰয়োজনীয় গুৰুত্ব আজিও দিয়া হোৱা নাই৷ সেইবাবেই ধৰ্মীয় অনুষ্ঠানবোৰে ভাৰতীয় ৰাজনীতিত নিৰ্ণায়ক ভূমিকা লৈ আহিছে৷ 

          সাংবিধানিক ভাবে ধৰ্মনিৰপেক্ষ হ’লেও ভাৰতীয় শাসনতন্ত্ৰই সময়ে সময়ে সুযোগ গ্ৰহণৰ উদ্দেশ্যেৰে বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ধৰ্মীয় মতবাদক উদগনি দি আহিছে৷ ধৰ্মীয় অনুষ্ঠানবোৰক ৰাজনীতিৰ প্ৰচাৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰি অহা হৈছে৷ একসূত্ৰীয় ভিন্ন ধৰ্মীয় পন্থাৰ সামূহিক গোট হ’ল হিন্দুত্ব, গতিকে প্ৰায় ৮০.৫১% ভাৰতীয় লোক হিন্দু, ১৩.৪% ইছলাম, ২.৩% খ্ৰীষ্টান আৰু বাকীবোৰ শিখ, জৈন, বৌদ্ধ, পাৰ্চী বা আন সংখ্যালঘু ধৰ্মাৱলম্বী৷ প্ৰতিটো ধৰ্মৰ মাজত ক্ষুদ্ৰ সংখ্যক এনে লোক আছে যিয়ে নিজকে নাস্তিক বা মানৱতাবাদী বুলি দাবী কৰে৷ প্ৰতিটো ধৰ্মৰ ৰীতিনীতি, পৰম্পৰাক ভাৰতীয় আইনে স্বীকৃতি দিছে, গতিকে সকলো ধৰ্মৰ লোকে বেলেগ বেলেগ সা-সুবিধা উপভোগ কৰি আহিছে৷ এই ভিন্নতৰ বাবে ৰাজনৈতিক দলবোৰৰ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিবলৈ সুবিধা হৈছে৷ উদাহৰণস্বৰূপে, ইছলাম ধৰ্মই বহু বিৱাহ ব্যৱস্থাক মান্যতা প্ৰদান কৰি আহিছে আৰু জন্মনিয়ন্ত্ৰণ ধৰ্মবিৰুদ্ধ বুলি মানি আহিছে৷ এনে পৰম্পৰাই বিশ্বৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশখনত জনসংখ্যাৰ অধিক বিষ্ফোৰণ ঘটাইছে বুলি অন্য ধৰ্মৰ লোকৰ মনত বিদ্বেষ সিঁচি ধৰ্মীয় ৰাজনীতি কৰিবলৈ দলবোৰে সুৰুঙা পাইছে৷ বাস্তৱত কিন্ত সকলো ধৰ্মাৱলম্বীৰ মাজত বহু বিবাহ কৰা বা জন্মনিয়ন্ত্ৰণ নকৰা লোক কিছু হ’লেও বিদ্যমান৷ নাৰী আৰু নাৰীদেহৰ শুচিতাৰ স’তে ধৰ্মৰ পোনপটীয়া সম্পৰ্ক আছে৷ সেইবাবে নাৰী পূজ্য অথচ নাৰীক সেই একে ধৰ্মীয় পৰম্পৰাই বন্দিত্বও দিছে৷ সেয়ে নাৰীৰ পূজা আৰু বন্দিত্ব দুয়োটাই ৰাজনীতিৰ মা-মছলা সনা আকৰ্ষণীয় বিষয়৷ প্ৰেম এটি প্ৰাকৃতিক আৰু পৱিত্ৰ অনুভূতি৷ ভিন্ন ধৰ্মাৱলম্বী নাৰী-পুৰুষৰ মাজত হোৱা প্ৰাকৃতিক আকৰ্ষণ বা প্ৰেমৰ অনুভৱক ধৰ্মীয় ৰাজনীতিকৰণেৰে 'লাভ জেহাদ' নাম দি ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ চেষ্টা চলোৱা হয়৷ এখন দেশৰ ভৌগোলিক অৱস্থিতি, জলবায়ু, খাদ্যবস্তুৰ প্ৰাপ্যতা, পৰম্পৰা আদিৰ ওপৰত ভিত্তি কৰি এক দীৰ্ঘকালীন পৰিক্ৰমাত মানুহৰ খাদ্যাভ্যাস গঢ়ি উঠে৷ গো-মাংস বা গাহৰিৰ মাংস ভক্ষণো তেনেকৈ গঢ়ি উঠা এটি প্ৰাকৃতিক অভ্যাস৷ আন কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিশ্বাসত আঘাত হানিবলৈ এনে অভ্যাস গঢ়ি তোলা নহয়৷ ধৰ্ম আৰু ৰাজনীতিৰ দালাল সকলে এই প্ৰাকৃতিক খাদ্যাভ্যাসকো ৰাজনীতিকৰণ কৰিলে৷ আমাৰ ঐতিহাসিক ঐতিহ্যৰ স্মৃতি চিহ্ন সমূহৰ ক্ষতিসাধন, অনুষ্ঠান-প্ৰতিষ্ঠান বা ঠাই বিশেষৰ নামাকৰণ/ পুনৰ নামাকৰণ আদিতো ধৰ্মীয় ৰাজনীতি পৰিলক্ষিত হৈছে৷ ঠিক তেনেদৰে ভিন্নজনে ভিন্ন ৰং পছন্দ কৰাটো তেনেই স্বাভাৱিক কথা, কিন্ত ৰঙকো ধৰ্ম আৰু ৰাজনীতিৰ স’তে সাঙুৰি পেলোৱা হ’ল! গো-পূজা, তিনি তালাক, ওৰণি বা বোৰ্খা প্ৰথা, চুন্নত, মহিলাৰ যৌনাংগ নিঃসৰণ(FGM), পুষ্পিতা/ তোলনীবিয়া, মুণ্ডন, বলিবিধান আদি এনে বহু বিষয় আছে যিবোৰ বৈচিত্ৰতাক সাৰ পানী দি জীয়াই ৰাখি শাসনৰ বাঘজৰী হস্তগত কৰাৰ বাবে প্ৰতিটো স্বাৰ্থান্বেষী ৰাজনৈতিক দলেই অহৰহ চেষ্টা চলাই আহিছে৷ ধৰ্মীয় বা সাম্প্ৰদায়িক ৰাজনীতিক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰাৰ পৰিৱৰ্তে ভাৰতীয় ঐতিহ্য বুলি স্বীকৃতি প্ৰদান কৰি উৎসাহিতহে কৰা হৈছে৷ ফলস্বৰূপে জাতি-জনজাতি, স্থান, ভাষা, ধৰ্ম আদিৰ ভিত্তিত অজস্ৰ নতুন নতুন দলৰ গঠন হৈছে৷ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক মুখ্য বিষয় হিচাপে লৈ বহু দল ৰাজনৈতিক ভাবে সফলো হৈছে৷ ৰাজনীতিৰ ধৰ্মীয়কৰণৰ জৰিয়তে বিভিন্ন সম্প্ৰদায়ৰ মাজত হিংসা, বিদ্বেষ বিয়পাই দি নিৰ্বাচনত বহুমত লাভৰ অংক কৰা হয়, ফলশ্ৰুতিত সাম্প্ৰদায়িক সংঘৰ্ষ, নিৰ্যাতনৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে৷ সাংবিধানিক ভাবে দেশৰ সকলো মানৱ সম্পদ সমান যদিও মনুবাদী সমাজ ব্যৱস্থাক উচ্চ বৰ্গীয় হিন্দু সমাজে ধৰ্মীয় মাপকাঠিৰে আজিও বৰ্তাই ৰাখিব বিচাৰে৷ গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ লগে লগে হিন্দু উচ্চ শ্ৰেণীয়ে উপভোগ কৰি অহা সন্মান আৰু প্ৰাধান্য ম্লান পাবলৈ ধৰিলে আৰু আজি পৰ্যন্ত সেয়া ধৰ্মীয় ৰাজনীতিৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈ আহিছে৷ অস্পৃশ্যতাৰ স’তে ধৰ্ম আৰু ৰাজনীতিৰ হাজাৰ বছৰ পুৰণা সম্পৰ্ক৷ ৰাজনীতি যিদৰে সমাজসেৱাৰ পৰিৱৰ্তে এটি আকৰ্ষণীয় পেচালৈ পৰ্যবসিত হৈছে, তেনেদৰে ধৰ্মীয় ব্যৱস্থাটোও এটি সন্মানজনক আৰু অতি লাভদায়ক ব্যৱসায় হিচাবে প্ৰসাৰ লাভ কৰিছে৷ সাধাৰণ ৰাইজক ঠগ-প্ৰৱঞ্ছনাৰে ধৰ্মীয় শাসন আৰু ৰাজনৈতিক শাসন চলাই নিবলৈ ধৰ্ম আৰু ৰাজনীতি হাতে-হাত ধৰাধৰিকৈ আগবাঢ়িছে৷ ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা স্বধৰ্মীয় বা অন্য ধৰ্মীয় অনুষ্ঠানত বাৰাম্বাৰ উপস্থিত থকা, অন্য ধৰ্মীয় ৰীতিনীতি পালন কৰি তাৰ বহুল প্ৰচাৰ কৰা, অন্য ধৰ্মীয় সাজপাৰ পৰিধান কৰি চাঞ্চল্য বা বিতৰ্কৰ সূচনা কৰা আদি সহজ সৰল ভোটাৰৰ মনত ঠাই ল’বলৈ কৰা সস্তীয়া ধৰ্মীয় ৰাজনীতি, মাজতে অবোধগম্যতাত দিকবিদিক হেৰুৱাইছে সৰলমনা জনসাধাৰণে৷ 

         ধৰ্মীয় ৰাজনীতি গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ পৰিপন্থী৷ ধৰ্ম ভক্তি আৰু বিশ্বাসৰ ওপৰত প্ৰতিস্থিত, য’ত যুক্তি বা মতবিৰোধৰ অৱকাশ নাথাকে৷ ধৰ্মীয় শিক্ষাই আত্মসমৰ্পণ, সহিষ্ণুতা, ত্যাগ আদি আচৰণবিধিৰ জৰিয়তে মানুহক যুক্তিহীন আৰু ধৰ্মান্ধ কৰি তোলে৷ ধৰ্মৰ জগতত আনুষ্ঠানিক শিক্ষা আৰু জীৱনৰ অভিজ্ঞতা মূল্যহীন৷ বহু জাতি, বহু ভাষা, বহু ধৰ্মৰে সমৃদ্ধ ভাৰতৰ বাবে ধৰ্মীয় ৰাজনীতি অতি বিপদজনক৷ গণতন্ত্ৰৰ একতা আৰু ভাতৃত্ববোধৰ আদৰ্শক বিভেদকামী ধৰ্মীয় ৰাজনীতিয়ে বিচ্ছিন্নতাবাদৰ পাঠ পঢ়ুৱাই আহিছে৷ এনে অপশক্তি সমূহে কোমল মনৰ, অনভিজ্ঞ যুৱপ্ৰজন্মক লক্ষ্য কৰি লৈছে৷ আজিৰ যুৱপ্ৰজন্ম সামাজিক মাধ্যমৰ সৈতে একাত্ম আৰু তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ৰাজনৈতিক দলসমূহে৷ ফেচবুক, হোৱাটচ্‌এপ্, ইউটিউব আৰু আন আন বহুল প্ৰচলিত মাধ্যমসমূহত সংবেদনশীল বিষয় সমূহৰ অবিবেচক আৰু প্ৰমাণহীন ব্যাখ্যাৰে অসম্পাদিত ৰূপত উপস্থাপন কৰি মনবোৰ বিষাক্ত কৰি তোলা হৈছে৷ প্ৰতিটো দলৰ আই.টি.ছেল সমূহে দিনে নিশাই তথ্য সংগ্ৰহ কৰি সংকীৰ্ণ ৰাজনীতিক উৎসাহিত কৰি আহিছে৷ পৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিত লেখা বা মতামতেৰে জনমানসক ইচ্ছামতে প্ৰভাবিত কৰিবলৈ এই ছেলবোৰে অহৰহ কাম কৰি গৈছে৷ প্ৰতিটো দলে নিজা নিজা নিউজ চেনেলৰ জৰিয়তে বিভ্ৰান্তি বিয়পাই আহিছে৷ ইউটিউবাৰ, বিশ্লেষক, ঘোষক, পত্ৰাকাৰ, বাতৰি পৰিবেশক, কবি, সাহিত্যিক, প্ৰৱন্ধকাৰ, শিল্পী, সংগীতকাৰ, অভিনেতা, খেলুৱৈ আদি সকলোকে বুজাই, ললায়িত কৰি বা ভীতি প্ৰদৰ্শন কৰি ধৰ্মীয় সংকীৰ্ণতাবাদৰ প্ৰচাৰৰ বাবে বাধ্য কৰোৱা হৈছে৷ প্ৰতিটো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত সাম্প্ৰদায়িক সংকীৰ্ণতাবাদী শক্তিক ৰোপণ কৰা হৈছে৷ কৃষক, শ্ৰমিক, শিক্ষক, কৰ্মচাৰী,বনুৱা, শিপিনী সকলোকে একে শ্ৰুতিমধুৰ ভাষণেৰে অন্ধ আৰু বোবা কৰি পেলোৱা হৈছে৷ স্কুলীয়া পাঠ্যক্ৰমৰ পৰা নীতিশিক্ষাৰ মানৱীয় অধ্যায় বিলোপ কৰি হিংসা সৰ্বস্ব পাঠৰ সংযোজন কৰা হৈছে৷ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহ সাম্প্ৰদায়িক আৰু ধৰ্মীয় ৰাজনীতিৰ চৰ্চা আৰু প্ৰশিক্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ পৌৰাণিক কাব্যসমূহক ইতিহাসৰ সমল হিচাবে ব্যাখ্যা আগবঢ়োৱা হৈছে, আনকি আমাৰ বুৰঞ্জীকো সংশোধনৰ নামত বিকৃত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে! 'এক দেশ, এক ভাষা, এক ধৰ্ম' নীতিয়ে মনবোৰ প্ৰতিহিংসাপৰায়ণ কৰি তুলিছে৷ 'দেশভক্ত' আৰু 'দেশদ্ৰোহী'ৰ ধৰ্মীয়কৰণেৰে নতুন সজ্ঞা উদ্ভাৱন কৰি সংখ্যালঘু ধৰ্মাৱলম্বীসকলক ত্ৰাসিত কৰা হৈছে৷ কেইটামান বিশেষ ধৰ্মৰ লোকৰহে এই দেশ, সকলো ধৰ্মাৱলম্বীৰ বাবে এই দেশ আৱাস ভূমি নহয়৷ আনকি কোনো দলৰ মতবাদ বিৰোধী অথচ যুক্তিপূৰ্ণ বক্তব্য বা বিশ্লেষণ দাঙি ধৰিলেও দেশদ্ৰোহী সাজি দেশান্তৰীত কৰাৰ ভাবুকি পৰ্যন্ত দিয়া হৈছে৷ মুঠতে সৌহাৰ্দ্যপূৰ্ণ পৰিবেশ বিনষ্ট কৰি সন্দেহ আৰু অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে৷ বিশ্ববাসীৰ দৃষ্টিত ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক চৰিত্ৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ 

         অৱশ্যে সাধাৰণ মানুহৰ মনত হিংসা বা বিদ্বেষ দীৰ্ঘদিনৰ বাবে জীয়াই নাথাকে, কাৰণ মানুহ প্ৰাকৃতিক ভাবে শান্তি প্ৰিয় সামাজিক প্ৰাণী৷ ৰাজনীতিৰ অশুভ সম্ভাৱনীয়তা সম্বন্ধে সাধাৰণ জনগনক সচেতন কৰাৰ দায়িত্ব প্ৰতিজন দেশপ্ৰেমী নাগৰিকৰ৷ গণমাধ্যম সমূহে ব্যৱসায়িক লাভালাভৰ উপৰিও দেশৰ মংগলৰ হ’কে নিজৰ দায়িত্ব পালন কৰিবলৈ অংগীকাৰবদ্ধ হ’ব লাগিব৷ দেশৰ প্ৰকৃত সমস্যা সমূহৰ ওপৰত বিষদ আলোচনা, দেশৰ অনগ্ৰসৰতাৰ কাৰণ বিশ্লেষণ আৰু ক্ষীপ্ৰ উন্নয়নৰ বাবে দিক্‌দৰ্শন আদিৰ জৰিয়তে সৰ্বস্তৰৰ নাগৰিকক সজাগ কৰিব পাৰিব লাগিব৷ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞান আৰু যুক্তি-বুদ্ধিৰ বিকাশ হ’লেহে কল্যাণকামী ৰাষ্ট্ৰীৰ সপোন বাস্তৱায়িত হ’ব৷ সময়ৰ অগ্ৰগতিৰ স’তে শিক্ষা আৰু সচেতনতা বৃদ্ধিৰ লগেলগে মানুহৰ বিজ্ঞান মননশীলতাৰ উত্তৰণ ঘটিব আৰু সকলো কুচক্ৰান্ত বা কুঅভিসন্ধি বুজি উঠি গণতন্ত্ৰৰ শত্ৰুক চিনাক্ত কৰিবলৈ ভাৰতৰ নাগৰিক নিশ্চয় এদিন সফল হ’ব৷


✍️ গৌতম মালাকাৰ।

• "বিতৰ্ক" আলোচনীৰ জুলাই-আগষ্ট, ২০২১ সংখ্যাত প্ৰকাশিত।

• অসমীয়া দৈনিক 'নতুন স্বদেশ'ৰ ২৭/০২/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'দৈনিক অগ্ৰদূত'ৰ ০১/০৩/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'অসম বাণী'ৰ ৩১/০৩/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'আমাৰ প্ৰণাম'ৰ ০৪/০৪/২০২৩ সংখ্যাত প্ৰকাশিত।

    

Next Post Previous Post
No Comment
Add Comment
comment url

You may also like