লেখকৰ বিষয়ে






নাম: শ্ৰীগৌতম মালাকাৰ৷
(সমাজসেৱী, কবি, অণুগল্পকাৰ/চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ব্লগাৰ)

পিতৃ: শিল্পী-সাহিত্যিক ৺তুলসী প্ৰসাদ মালাকাৰ৷

মাতৃ: শিল্পী ৺নলিনী মালাকাৰ৷

সহধৰ্মিনী: ৰঞ্জু মালাকাৰ৷

পুত্ৰ: ৰাহুল মালাকাৰ৷

জন্মস্থান: কুলহাটী (দমদমা), হাজো, কামৰূপ, অসম৷

বৰ্তমান ঠিকনা: নিউগুৱাহাটী, নুনমাটি, গুৱাহাটী৷

শিক্ষা: দমদমা, গুৱাহাটী৷

জীৱিকা: চাকৰি, ভাৰতীয় জীৱন বীমা নিগম৷

         শৈশৱ মূলতঃ কিতাপৰ মাজত পাৰ হৈছিল, যিহেতু দেউতাৰ জীৱিকা আছিল ছপাশাল আৰু কিতাপৰ ব্যৱসায়৷ জীৱনৰ প্ৰথমটো কবিতা 'দুখুনী অসমী আই' লেখিছিলোঁ সপ্তম শ্ৰেণীত পঢ়ি থকা সময়ত দমদমা উঃ মাঃ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখনৰ প্ৰথমটো সংস্কৰণত৷ পৰৱৰ্তী সময়ত বিভিন্ন কবিতা আলোচনী আৰু কটন কলেজৰ বিভিন্ন প্ৰাচীৰ পত্ৰিকাত নিয়মীয়াকৈ লেখিছিলোঁ৷ কলেজত পঢ়ি থকা সময়ত 'নতুন দৈনিক' গোষ্ঠীৰ 'সন্ধিয়াৰ বাতৰি'ত 'এক মিনিটৰ গল্প', চুটি প্ৰৱন্ধ নিয়মীয়াকৈ লেখিছিলোঁ৷ বৰ্তমান বিভিন্ন কবিতা সংকলন, স্মৰণিকা, আলোচনী, বাতৰি কাকত, ই-আলোচনী, গণমাধ্যমৰ বিভিন্ন গোটত মূলতঃ কবিতা, অণুগল্প, চুটিগল্প আৰু প্ৰৱন্ধ লেখি আছোঁ৷ মোৰ প্ৰথমখন কাব্যগ্ৰন্থ 'গোপন কষ্টৰ চিঠি' ফেব্ৰুৱাৰী, ২০২২ আৰু দ্বিতীয়খন কাব্যগ্ৰন্থ 'জীৱন বীণাৰ বৰ্ণিল সুৰ' নৱেম্বৰ,২০২২ত প্ৰকাশ পায়। অষ্টম শ্ৰেণীৰ চলিত পাঠ্যক্ৰমত মোৰ 'বৰষুণ' নামৰ সংবেদনশীল কবিতা এটি সন্নিবিষ্ট হৈছে।

স্বীকৃতি:

১) 'মুক্ত কবি কণ্ঠ'ৰ দ্বাৰা 'কবি সন্মান, ২০২২', ১৮/১২/২০২২ সাহিত্য সভা ভৱন, গুৱাহাটী।
২) 'সাহিত্য-সংস্কৃতিৰ মঞ্চ : অসম'ৰ দ্বাৰা 'প্ৰেৰণা বঁটা,
২০২২', বিষ্ণু নিৰ্মলা ভৱন, গুৱাহাটী।
৩) 'সম্প্ৰীতিৰ মুক্ত মঞ্চ, অসম'ৰ দ্বাৰা সম্বৰ্ধনা, ২৩ অক্টোবৰ, ২০২২, শংকৰদেৱ শিশু নিকেতন, নলবাৰী।
৪) 'দমদমা সাহিত্য সভা'ৰ দ্বাৰা 'অভিনন্দন জ্ঞাপন', ২৯ অক্টোবৰ, ২০২২, দমদমা মহাবিদ্যালয়।
৫) 'কাব্যভূমি সাহিত্যৰ পথাৰ, কবি মঞ্চ, অসম'ৰ দ্বাৰা সম্বৰ্ধনা, ০৪/১২/২০২২, অসম সাহিত্য সভা ভৱন, গুৱাহাটী।
৬) 'ভাৰতীয় দলিত সাহিত্য অকাডেমি'ৰ দ্বাৰা ড° বি. আৰ.আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা, ২০২২, নতুন দিল্লী, ১১/১২/২০২২
৭) 'সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ,অসম'ৰ দ্বাৰা 'অসম গৌৰৱ সন্মান বঁটা-২০২৩', ২৯/০১/২০২৩, লোক নিৰ্মাণ ভৱন, দিছপুৰ।
৮) 'প্ৰতিধ্বনি সাহিত্য মঞ্চ'ৰ দ্বাৰা 'অভিনন্দন জ্ঞাপন', গুৱাহাটী প্ৰেছ ক্লাব, ১২/০৩/২০২৩
৯) 'সাহিত্য চৰ্চাৰ মঞ্চ, গোলাঘাট'ৰ দ্বাৰা 'লক্ষীৰাম বৰুৱা সদন, অসম সাহিত্য সভা ভৱন'ত সম্বৰ্ধনা, ১৯/০৩/২০২৩
১০) 'অসম সাহিত্য সেৱা মঞ্চ'ৰ দ্বাৰা 'সাহিত্য সৌৰভ, ২০২৩' সন্মান প্ৰদান, প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন, বিশ্বনাথ চাৰিআলি, ১১/০৬/২০২৩


No Comment
Add Comment
comment url