ভগ্ন পাহাৰ বগাই বগাই

 


কবিতা: 


:: ভগ্ন পাহাৰ বগাই বগাই ::


দেউতাই নগ্নতা ঢাকিবলৈ 

শুদ্ধ খদ্দৰৰ শুভ্ৰ পোছাক পৰিধান কৰিছিল 

সভ্যতাৰ মুকুট আৰু কবচ-কুণ্ডল পিন্ধি 

দেউতাই আত্মপ্ৰত্যয়েৰে খোজ দিছিল 

চকুত অনবৰতে বিৰিঙি আছিল

ছন্দময় পোহৰৰ তিৰবিৰণি

ময়ো সভ্যতাৰ পিছে পিছে দৌৰিছোঁ

কিন্তু দেউতাৰ দৰে

মোৰ আত্মবিশ্বাস জন্মা নাই

ৰেচমী পোছাকৰ চিকমিকনিৰে

মই নগ্নতা ঢাকিব পৰা নাই 

মোৰ সভ্যতাৰ মোনাত সৰু-বৰ অসংখ্য ফুটা

ধূলিয়ৰি বতাহৰ বাবে 

পুত্ৰ আৰু নাতিহঁতৰ মুখতো অস্পষ্টতাৰ গল্প 

আস্থাহীনতাৰ সংকটে আমাক খেদি ফুৰিছে 

আমি গৈ আছোঁ ভগ্ন পাহাৰ বগাই বগাই 

মনে-প্ৰাণে সূৰ্যোদয়ৰ মহাৰ্ঘ স্পৰ্শ বিচাৰি।


✍️ গৌতম মালাকাৰ।

• পষেকীয়া 'কাব্যকানন'ৰ ১৬ মে',২০২৩ সংখ্যাত প্ৰকাশিত।

• মাহেকীয়া কাব্যালোচনী 'অমূৰ্ত'ৰ জুন-জুলাই, ২০২৩ সংখ্যাত প্ৰকাশিত।

• 'ৰ'দালি'ৰ জুলাই, ২০২৩ সংখ্যাত প্ৰকাশিত।

• সাপ্তাহিক 'জনমভূমি'ৰ ০৬/০৯/২০২৩ সংখ্যাত প্ৰকাশিত।




Next Post Previous Post
No Comment
Add Comment
comment url

You may also like