এৰা, মই শ্ৰমিক


কবিতা:
 

:: এৰা, মই শ্ৰমিক ::


এৰা, মই শ্ৰমিক!

মোৰ আই-পিতায়ো শ্ৰমিক আছিল

আৰু মোৰ শিশুটোও শ্ৰমিক...

আমাৰ পৰিয়ালৰ সকলোৱে শ্ৰমিক!

আমি অশিক্ষিত 

এৰা, আমাৰ ঘৰৰ সকলোৱে নিৰক্ষৰ 

তোমালোকে আমাৰ শৰীৰবোৰক 

জড় যন্ত্ৰৰ দৰে ব্যবহাৰ কৰা আৰু 

আমাৰ কৰ্ম পটুতাক কেতিয়াও স্বীকৃতি নিদিয়া 

আমাৰ কৰ্মৰাজিৰ মূল্যায়ন কৰা 

মাথোঁ কেইটামান ঘৃণামিশ্ৰিত টকাৰে

আমি সৌন্দৰ্যৰ শত্ৰু শ্ৰমিক জাতি

অসংখ্য ঘৰ সাজিয়ো আমি গৃহহীন 

দেশ গঢ়া সুদক্ষ শিল্পী হৈয়ো

আমি শিল্পীৰ যোগ্যতা অৰ্জন কৰিব পৰা নাই 

আমি বেলিৰ জোনাকেৰে উদ্ভাসিত হ'ব পৰা নাই

তথাপিও কিন্তু আমাৰ সৰল হৃদয় সদা জ্যোতিৰ্ময়

আমি ভাষণ কলাৰ নিপুণতাৰে 

ধূৰ্ত নেতা হ'বলৈ ধৃষ্টতা কৰা নাই 

কিন্তু আমাৰ দেহত সিহঁতৰ লেলিহান জিহ্বাৰ

সৰ্বনাশী আঁচোৰো মানি ল'ব পৰা নাই

আমি একতাৰে সাহসৰ ভেটি গঢ়িছোঁ

গিৰিপ-গাৰাপ পদধ্বনিৰে ধৰণীৰ বুকু কঁপাই 

প্ৰাপ্য অধিকাৰৰ দাবী তুলিছোঁ

আমি বিদ্ৰোহ ঘোষণা কৰিছোঁ

লানি লানি মৌন-মিছিলেৰে 

আমি মানু্হৰ স্বীকৃতি বিচাৰিছোঁ!


✍️ গৌতম মালাকাৰ।

• 'গণস্তম্ভ'ৰ ১২/০৫/২০২৩ সংখ্যাত প্ৰকাশিত।

• মাহেকীয়া 'ৰহস্য'ৰ মে', ২০২৩ সংখ্যাত প্ৰকাশিত।

• মাহেকীয়া আলোচনী 'অনুপমা অঞ্জলি'ৰ মে',২০২৩ সংখ্যাত প্ৰকাশিত।

• 'দৈনন্দিন বাৰ্তা'ৰ ১৭/০৫/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'ৰ'দালি'ৰ জুন, ২০২৩ সংখ্যাত প্ৰকাশিত।





Next Post Previous Post
No Comment
Add Comment
comment url

You may also like