সাহিত্য চৰ্চা আৰু বঁটা-সন্মান প্ৰদানৰ বেহা

 


:: সাহিত্য চৰ্চা আৰু বঁটা-সন্মান প্ৰদানৰ বেহা ::


 

               ভাষা অবিহনে এটা জাতিৰ পৰিচয় অসম্পূৰ্ণ। সাহিত্য এখন সমাজৰ মেৰুদণ্ড স্বৰূপ, সমাজ বিদ্যাৰ সমল। মানুহৰ জীৱনত মাতৃভাষাৰ ইতিবাচক গুৰুত্ব সম্বন্ধে বিভিন্ন চিন্তা-চৰ্চা অব্যাহত আছে আৰু মানসিক বিকাশৰ বাবে মাতৃভাষাৰ প্ৰয়োজনীয়তা সম্বন্ধে সকলো চিন্তাবিদে সহমত প্ৰকাশ কৰি আহিছে। মূলতঃ ইংৰাজী, হিন্দী আৰু বাংলা ভাষা-সাহিত্যৰ অগ্ৰাসনৰ বাবে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যত সম্বন্ধে বহুতেই সন্দেহ প্ৰকাশ কৰি আহিছে যদিও সমান্তৰালকৈ অসমীয়া ভাষা-সাহিত্য সেৱীৰ সংখ্যাও উৎসাহজনক ভাবে বৃদ্ধি পাইছে। লেখক-চিন্তাবিদৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আগ্ৰহী পঢ়ুৱৈৰ সংখ্যাও আশানুৰূপ ভাবে বাঢ়ি আহিছে। নিতৌ নতুন নতুন বাতৰি কাকত, আলোচনী, ই-পত্ৰিকা, প্ৰাচীৰ পত্ৰিকা, হাতে লিখা আলোচনী আদিৰ সংযোজনে ভাষাটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ন-পুৰণি লেখকৰ দ্বাৰা সঘনাই নতুন নতুন গ্ৰন্থৰ প্ৰকাশ আৰু উন্মোচনৰ খবৰেও সচেতন সাহিত্য প্ৰেমীসকলক আনন্দিত কৰি আহিছে। অসমীয়া সাহিত্যৰ নৱ-সোণালী যুগৰ সূচনা হৈছে বুলি বহুতে বিশ্বাস কৰে। অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণত ছপা মাধ্যম, হাতেলিখা মাধ্যমসমূহৰ লগতে আন সামাজিক মাধ্যমেও যথেষ্ট পৰিমাণে অবদান আগবঢ়াবলৈ সক্ষম হৈছে। ছপা কাকত, আলোচনী, গ্ৰন্থ আদিৰ উপৰিও বিভিন্ন স্কুল-কলেজ, পুথিভঁৰাল, ৰাজহুৱা সংস্থা, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আদিত উপলব্ধ প্ৰাচীৰ পত্ৰিকাসমূহে সাহিত্য চৰ্চাৰ সুযোগ-সুবিধা প্ৰদান কৰি লেখকসকলক উৎসাহিত কৰাৰ লগতে সাহিত্যৰ ভঁড়াল টনকিয়াল কৰি আহিছে। বহু স্কুলত হাতেলিখা আলোচনীৰ প্ৰচলন হৈ আছে আৰু এই প্ৰচেষ্টাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য চৰ্চাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে।  

             বৰ্তমান যুগটোৱেই ডিজিটেল যুগ। সকলো ক্ষেত্ৰতে ডিজিটেল মাধ্যমে আধিপত্য স্থাপন কৰিছে। ভাষা-সাহিত্যৰ ডিজিটেলাইজেশ্বনৰ গ্ৰহণযোগ্যতা সম্বন্ধে বিতৰ্কৰ সমাপ্তি ঘটাই সকলোৱে ইয়াক আদৰি লৈছে। এয়া এই সময়ৰ প্ৰযুক্তিৰ আহ্বান যিটোক উপেক্ষা কৰাটো মূৰ্খামী হ'ব। অসম সাহিত্য সভাকে আদি কৰি অনেক ভাষা-সাহিত্যৰ সংগঠনে অসমীয়া সাহিত্যৰ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। তেনে বহু সংগঠনে অসমৰ লগতে ভাৰত তথা ভাৰতৰ বাহিৰৰ আন আন ঠাইলৈকে নিজৰ নিজৰ শাখা সম্প্ৰসাৰণ কৰি সাহিত্য চৰ্চাক উৎসাহিত কৰিবলৈ চেষ্টা চলাই আছে। ডিজিটেল সামাজিক মাধ্যমৰ ভিতৰত 'ফেচবুক' আৰু 'হোৱাটচ এপ'ৰ অবদান লেখত ল'বলগীয়া। ন-পুৰণি সকলো লেখকে 'মুখপুথিত' নিজৰ নিজৰ সৃষ্টিৰাজিক পাঠকৰ বাবে মুকলি কৰি দিয়ে। ঠিক তেনেদৰে সাহিত্য চৰ্চাৰ বাবে গঠিত গোটবোৰত নিতৌ ন ন লেখা প্ৰকাশ পাই আহিছে। বহুতো গোটে কবিতা পাঠ/আবৃত্তি, গল্প/অণুগল্প পাঠ, উপন্যাস পাঠ আদি নিয়মীয়া শিতানসমূহৰ জড়িয়তে সাহিত্যক জনমুখী কৰাৰ বাবে প্ৰশংসনীয় পদক্ষেপ লৈ আছে। ঠিক তেনেদৰে 'হোৱাটচ এপ'ৰ সাহিত্য গোট সমূহেও সাহিত্যৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উল্লেখনীয় পৰিৱেশ সৃষ্টি কৰাত সফল হৈছে। অনুৰূপ ভাৱে 'মেছেঞ্জাৰ'ৰ গোটসমূহেও একেধৰণৰ ইতিবাচক পদক্ষেপৰ জড়িয়তে সাহিত্য চৰ্চাত বৰঙণি আগবঢ়াবলৈ সমৰ্থ হৈছে। পঢ়ুৱৈ, পাঠক/আবৃত্তিকাৰ আৰু লেখকৰ মাজত পোনপটীয়া যোগসূত্ৰ স্থাপন কৰি গঠনমূলক চিন্তা চৰ্চাৰে সাহিত্যৰ উন্নতিৰ হকে কাম কৰি যোৱাত এই গোটসমূহৰ অবদান আলোচনা আৰু বিশ্লেষণৰ যোগ্য। 'গুগল মিট', 'ঝুম', 'ডুঅ' জাতীয় এপ সমূহৰ যোগেদি ভিডিঅ' কনফাৰেন্সিঙৰ জড়িয়তে সাহিত্য কৰ্মীসকল সংগঠিত হৈ সাংগাঠনিক পৰিকল্পনা, পৰ্যালোচনা আৰু সাহিত্য চৰ্চা কৰাৰ আকৰ্ষণীয় সুবিধা লাভ কৰিছে। ইউটিউব তথা ফেচবুকত সাহিত্য সম্পৰ্কীয় নতুন নতুন ভিডিঅ'ৰ সংযোজনে মুহূৰ্তে মুহূৰ্তে সাহিত্যৰ ভঁড়াল চহকী কৰি আছে। ৰেডিঅ' আৰু দূৰদৰ্শনে তাহানিৰে পৰা সাহিত্যৰ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে আৰু সেই ইতিবাচক ধাৰা আজিও অব্যাহত ৰাখিছে। 

         সাহিত্য চৰ্চাৰ ইতিবাচক পৰিবেশ সৃষ্টি হোৱাৰ লগে লগে আন এক চিন্তাৰ উদ্ৰেককাৰী পৰিস্থিতিৰো উদ্ভৱ হৈছে। ভাষাৰ শুদ্ধতা, শুচিতা আৰু মানদণ্ডৰ সম্পৰ্কত সচেতন পঢ়ুৱৈ আৰু বিদ্বৎ-সমাজ অতিশয় চিন্তান্বিত হোৱা পৰিলক্ষিত হৈছে। তেখেতসকলৰ যুক্তিপূৰ্ণ অভিযোগ যে বৰ্তমানৰ সৃষ্টিৰাজিৰ সৰহ সংখ্যক অপৈণত। অশুদ্ধ ভাষা তথা ব্যাকৰণৰ পয়োভৰ আৰু যৌনতা, অশ্লীলতাৰ অগ্ৰহণযোগ্য উপস্থাপনে অসমীয়া সাহিত্যলৈ অশনি সংকেত বহন কৰি আনিছে। অনভিজ্ঞ আৰু অবিবেচক উপস্থাপনেৰে ভাষাটোক ধ্বংসমুখী কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অনুন্নত আৰু অশুদ্ধ লেখাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বহু পঢ়ুৱৈ নিৰাশ হৈছে, তেনে লেখাই পঢ়ুৱৈক চিন্তাৰ খোৰাক যোগাবলৈ অসমৰ্থ। গতিকে সাহিত্য চৰ্চাৰ সৈতে জড়িত প্ৰতিজন সচেতন ব্যক্তিৰ অপৰিসীম দায়িত্ব আহি পৰিছে। সৰ্বপ্ৰথমে যথেষ্ট পৰিমাণে অধ্যয়নৰ জড়িয়তে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি চিন্তা শক্তি পৰিপক্ক কৰাত গুৰুত্ব দিয়া উচিত। মনোৰঞ্জনেই সাহিত্যৰ একক উদ্দেশ্য নহয়। সাহিত্য সমাজৰ পথ প্ৰদৰ্শক। সাহিত্যিকৰ চিন্তা-চেতনা সাধাৰণ মানুহৰ তুলনাত ব্যতিক্ৰমী আৰু উন্নত বুলি ভবা হয়। তেখেতসকলক দূৰদৰ্শী বুলি সমাজে বিশ্বাস কৰে। সেয়ে সাহিত্যিকসকল সমাজৰ বৰেণ্য ব্যক্তি আৰু সমাজে তেখেতসকলক অনুসৰণ কৰে, গতিকে সমাজৰ প্ৰতি দায়বদ্ধ হৈ সাহিত্য সৃষ্টিত মনোনিবেশ কৰা উচিত। গভীৰ উপলব্ধিৰে লেখা সমূহ সম্পাদনা কৰিহে পঢ়ুৱৈৰ বাবে এৰি দিব লাগে। সাহিত্য সংস্কৃতিৰ সৰ্বোচ্চ অংগ। সাহিত্যৰ উদ্দেশ্য হ'ল সুসংহত, মানৱীয় প্ৰমূল্যৰে সমৃদ্ধ এখন সভ্য সমাজ। এটা লেখাই যদি কোনো ব্যক্তি বিশেষ বা গোট/গোষ্ঠীৰ স্বাভিমানত আঘাত দিয়ে তেন্তে সেই লেখাটোৰ উদ্দেশ্য কোনোবাখিনিত ব্যৰ্থ হয়। শিলৰ ছশমা পিন্ধি হিংসা-বিদ্বেষ, অসহিষ্ণুতা, যৌনতা-অশ্লীলতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কৰা সাহিত্যৰ সৃষ্টি সমাজৰ বাবে অতি ক্ষতিকাৰক। স্পৰ্শকাতৰ বিষয়সমূহৰ উপস্থাপন কৰোঁতে অতি সাৱধান হোৱা দৰকাৰ। নিজে বিশ্বাস কৰা বা অনুসৰণ কৰা আদৰ্শ (ইজিম)ৰ প্ৰচাৰৰ বাবে বহুতে লেখা-মেলা কৰে, এনেবোৰ লেখাৰ ক্ষেত্ৰত অধিক সচেতনতা অৱলম্বন কৰা প্ৰয়োজন। কোনোবাই গভীৰ আস্থাৰে অনুসৰণ কৰি অহা আচাৰ, ৰীতি-নীতি, বিশ্বাসৰ প্ৰতি অসন্মানজনক লেখা কেতিয়াও গ্ৰহণ যোগ্য নহয়, তেনে লেখাই সমাজক খণ্ডিত কৰাৰ সম্ভাৱনা থাকে। যুক্তিযুক্ত আৰু বিজ্ঞানসন্মত তথা ইতিবাচক সমালোচনাৰ সাহিত্য নিশ্চয় আদৰণীয়। উদ্দেশ্যপ্ৰণোদিত সীমাবদ্ধতাৰ সাঁথৰ ভাঙি শান্তি, সম্প্ৰীতি আৰু সামূহিক উন্নয়ণৰ লক্ষ্যৰে সাহিত্য চৰ্চা কৰাটো প্ৰত্যেকৰে নৈতিক দায়িত্ব।

         উল্লিখিত সংগঠন, অনুষ্ঠান তথা গোটসমূহে লেখক সকলক উৎসাহিত কৰি উন্নতমানৰ সৃষ্টিৰ বাবে প্ৰেৰণা যোগাই আহিছে। তাৰ বাবে সময়ে সময়ে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে। স্মৰণিকা, আলোচনী আদিৰ সংযোজনেৰে বিশেষকৈ নতুন লেখকসকলৰ লেখা প্ৰকাশ কৰি প্ৰশংসা বুলিবলৈ সক্ষম হৈছে। বাৰ্ষিক সম্মিলনীৰ দ্বাৰা ন-পুৰণি লেখকসকলে একেখন মঞ্চতে সাহিত্য চৰ্চাৰ সুযোগ-সুবিধা পাইছে। বহুত অনুষ্ঠানে সময়ে সময়ে বিভিন্ন সংকলন প্ৰকাশ কৰি সাহিত্যৰ ভঁড়াল চহকী কৰাত অগ্ৰণী ভূমিকা পালন কৰিছে। আন এক উল্লেখযোগ্য দিশ হ'ল অনুবাদ সাহিত্য। অনুবাদ শিতানৰ জড়িয়তে অসমীয়া সাহিত্যক জনমুখী কৰাৰ প্ৰচেষ্টা প্ৰশংসণীয়। অনুবাদ সাহিত্যৰ সংকলনৰ প্ৰকাশৰ যোগেদি ভিন্ন ভষা-ভাষীৰ মাজত সাহিত্যৰ বিনিময় আৰু সমন্বয় সম্ভৱ হৈছে। বহুত অনুষ্ঠানে নিৰ্বাচিত লেখকৰ গ্ৰন্থ প্ৰকাশৰ যোগেদি সাহিত্যৰ ভঁড়াল চহকী কৰাত সফল হৈছে।

         যিকোনো ভাল কাম কৰিলে তাক উৎসাহিত কৰা তথা যথযথ স্বীকৃতি প্ৰদান কৰাটো সভ্য সমাজ এখনৰ দায়িত্ব। এনে কৰাটো এক সাংস্কৃতিক প্ৰচেষ্টা। চৰকাৰী-বেচৰকাৰী বিভিন্ন সন্মান, বঁটা, খিতাপ, স্বীকৃতিয়ে লেখক সকলক অধিক উন্নত সৃষ্টিৰ বাবে প্ৰেৰণা যোগায়। এনে প্ৰশংসনীয় প্ৰচেষ্টা অসংখ্য সাহিত্য-সামাজিক সংগঠনে নিষ্ঠাৰে কৰি আহিছে যদিও কিছুমান সন্মান বা বঁটা আদিৰ নিৰ্বাচন প্ৰক্ৰিয়াত কেৰোণ থকা বুলি সুদীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে। বহুত প্ৰতিস্থিত সাহিত্যৰথীয়ে যোগ্য হৈয়ো সমালোচনাৰ পৰা মুক্ত থাকিবৰ উদ্দেশ্যেৰে এনে সন্মান বা বঁটা প্ৰত্যাখ্যান কৰাৰ উদাহৰণ আছে। চৰকাৰৰ হস্তক্ষেপ, ৰাজনৈতিক প্ৰভাৱ, অৰ্থৰ লেন-দেন, স্বজন তোষণ আদি অভিযোগ সদায় শুনিবলৈ পোৱা যায়। বৰ্তমান সময়ত বহু যোগ্য ব্যক্তিক উপেক্ষা কৰি অযোগ্যজনক সন্মান দিয়াৰ প্ৰৱণতা গা কৰি উঠিছে। লবিকেন্দ্ৰিক সাহিত্য চৰ্চা ইয়াৰ মূখ্য কাৰণ। লবিকেন্দ্ৰিক সাহিত্য চৰ্চাৰ বাবে বহুতো সময়ত অতি উত্তম লেখাও পাঠকৰ কাষ নাপায়। ভাল ভাল বহু সৃষ্টিকৰ্তা হতাশ হয় আৰু চৰ্চা বাদ দিয়াৰ ফলত সমাজৰ অপূৰণীয় ক্ষতি হয়। টকা-প‌ইছাৰ লেন-দেনৰ যোগেদি সাহিত্যিক হিচাপে নাম ক্ৰয় কৰাৰ বাবে এচাম অপৰিপক্ক লেখক উঠিপৰি লাগিছে। সৃষ্টিতকৈ স্বীকৃতিয়ে বেছি প্ৰাধান্য পাইছে। হকে-বিহকে কিবা এটা লিখি সামাজিক মাধ্যম বা দ্বিতীয় শ্ৰেণীৰ ছপা মাধ্যমত যিকোনো উপায়েৰে প্ৰকাশ কৰি কম সময়ৰ ভিতৰতে সাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ বৃথা প্ৰয়াস চলিছে। তেনে লেখক সকলৰ প্ৰয়োজনীয় শব্দ, ভাষা, ব্যাকৰণৰ জ্ঞান সীমিত আৰু কষ্ট কৰাৰ মানসিকতাৰ অভাব। সেইসকলৰ ধাৰণা যে কেইখনমান কিতাপ ছপায়েই সাহিত্যিক হিচাপে বিখ্যাত হ'ব পাৰি আৰু যেন-তেন-প্ৰকাৰেণ দুই-এটা বঁটা, খিতাপ সংগ্ৰহ কৰি 'বিশিষ্ট' লেখক হ'ব পাৰি। অতি লজ্জাজনক কথাটো হ'ল যে অন্য লেখকৰ লেখা পৰ্যন্ত নিজৰ নামত প্ৰকাশ কৰিয়ো সাহিত্যিক হ'বলৈ চেষ্টা কৰা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। কিছুমান তৰল মনৰ লেখকে অন্য লেখকৰ ভাল লেখাৰ পৰা ইটো সিটো শাৰী চুৰি কৰি বা লেখা এটাৰ অলপ সালসলনি কৰি নিজৰ লেখা বুলি প্ৰকাশ-প্ৰচাৰ কৰে, যিটো অতি নিন্দনীয়। সাহিত্য চৰ্চাৰ পৰিবেশ উন্নত কৰাৰ উদ্দেশ্যৰে চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনিৰ ঘোষণা কৰে যিটো অতি আৱশ্যকীয় আৰু প্ৰশংসাৰ যোগ্য। কিন্তু একমাত্ৰ সেই আঁচনিৰ সন্মান আৰু নগদ মাননী পোৱাৰ মানসেৰে বহুত তথাকথিত লেখকে নিশাটোৰ ভিতৰতে কেইবাখনো কিতাপ ছপোৱাৰ প্ৰৱণতা গ্ৰহণযোগ্য নহয়। এনে সস্তীয়া প্ৰচাৰমুখী আৰু স্বীকৃতিমুখী মনোভাৱৰ বাবে সাহিত্যৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা থাকে আৰু যোগ্য ব্যক্তি উপযুক্ত সন্মান পোৱাৰ পৰা বঞ্চিত হয়, যিটো সমাজৰ বাবে ক্ষতিকাৰক। আনহাতে প্ৰতিযোগিতামূলক ভাৱে ব্যয়বহুল সন্মিলনৰ আয়োজন কৰি বহুত অনুষ্ঠানে সন্মান বা বঁটা প্ৰদানৰ প্ৰতিশ্ৰুতি দি সেই ধৰণৰ অনুন্নত লেখকৰ পৰা ধন সংগ্ৰহৰ পথ বাচি লৈছে আৰু অযোগ্য ব্যক্তিক সন্মান যাঁচিছে, তাৰ ফলত প্ৰদত্ত সন্মানটোৰ সন্মান লাঘৱ হৈছে। বহুত যোগ্য ব্যক্তিয়ে সন্মান গ্ৰহণ কৰিবলৈ লাজ কৰাৰ দৰে নেতিবাচক পৰিবেশ এটাৰ সৃষ্টি হৈছে। এনে অবিবেচক কৰ্মৰাজীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ লক্ষণীয় হ'ব। বঁটা প্ৰদান আৰু গ্ৰহণৰ বৰ্দ্ধিত প্ৰৱণতাই এখন বজাৰৰ সৃষ্টি কৰিছে লগতে এচাম সুবিধাবাদী মধ্যভোগীৰো সৃষ্টি হৈছে। হাজাৰ হাজাৰ টকাৰে সন্মান বা বঁটা কিনা-বেছাৰ বেহা চলিছে। অসৎ মধ্যভোগীয়ে বহু লেখকক প্ৰবঞ্চনা বা হাৰাশাস্তি কৰাৰো বাতৰি পোৱা যায়। অসম তথা আন আন ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো এই অসৎ-সংস্কৃতিয়ে গা কৰি উঠিছে। যোগ্যতা বিচাৰৰ কোনো নিৰ্দিষ্ট মাপকাঠি নোহোৱাকৈ বা সাহিত্যৰ অবদানৰ প্ৰকৃত মূল্যায়ন নকৰাকৈ ধনৰ বিনিময়ত স্বীকৃতি প্ৰদানে সচেতন মহলক চিন্তিত আৰু লজ্জিত কৰিছে। এই অপসংস্কৃতিয়ে সাহিত্য আৰু সাহিত্যিকৰ প্ৰতি থকা সমাজৰ উচ্চ ধাৰণাত বিৰূপ প্ৰভাৱ পেলাইছে। 

         সাহিত্য চৰ্চা এক দায়িত্বশীল আৰু কঠিন কচৰত। সাহিত্য এটা স্থায়ী সৃষ্টি, ডিজিটেল মাধ্যমৰ প্ৰসাৰে ইয়াৰ স্থায়িত্ব আৰু অধিক সুৰক্ষিত কৰিছে। ভাল সাহিত্য বুৰঞ্জীৰো সমল। গতিকে ভৱিষ্যতে বুৰঞ্জী বা সাহিত্য অধ্যয়ন কৰা সকলে আমাৰ বৰ্তমানৰ সাহিত্যৰ ভিত্তিত আমাৰ ভাষা-সংস্কৃতি, সাহিত্যৰ মানদণ্ড, সভ্যতা আৰু জাতীয় চৰিত্ৰ সম্বন্ধে জ্ঞান আহৰণ কৰিব আৰু সিদ্ধান্ত ল'ব। গতিকে জনমুখী আৰু জনহিতকৰ সাহিত্য সৃষ্টিৰ বাবে লেখক সদায় যত্নপৰ হোৱা উচিত। অভিজ্ঞতাপুষ্ট পৰিপক্ক জ্ঞান অবিহনে কোনো লেখা উন্নত মানৰ হ'ব নোৱাৰে। লেখাটো সমাজৰ বাবে উপকাৰী হৈছে নে ক'ৰবাত বিসংগতি থাকি গৈছে সেয়া বাৰে বাৰে পঢ়ি উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে। ভাল সৃষ্টিয়ে এদিন নহয় এদিন সচেতন পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব‌ই, মাথোঁ ধৈৰ্যসহকাৰে চৰ্চা অব্যাহত ৰাখিব লাগে। সস্তীয়া আৰু তাৎক্ষণিক প্ৰচাৰৰ প্ৰতি মন নিদি অধ্যয়ন পুষ্ট পৈণত লেখাৰে ভাষা মাতৃৰ সেৱাত নিজাকে উৎসৰ্গা কৰিলে সফলতা নিশ্চিত। যিসকলে বঁটা বা সন্মানৰ পিছে পিছে দৈৰিছে সেই সকলে উন্নত সাহিত্যৰ সৃষ্টিত মনোনিবেশ কৰিলে সেই সন্মান বা বঁটা এদিন নিজে নিজে আহি ধৰা দিব। কষ্টৰে যোগ্যতা অৰ্জন কৰি পোৱা সন্মানৰ পৰা পোৱা মানসিক তৃপ্তি আৰু শান্তিৰ তুলনা আন একোৰে সৈতে নহয়। তেনে সফলতাৰ জড়িয়তে হৃদয়ত হোৱা অনাবিল আনন্দৰ অনুভূতিয়ে লেখকক যথাৰ্থ অমৰত্ব প্ৰদান কৰে। কিন্তু সেই বিশেষ সুখানুভূতি কেইজন লেখকে অনুভৱ কৰে সেইটো বিচাৰ্য বিষয়। সাহিত্য আৰু সাহিত্যিকৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত প্ৰতিজন সচেতন নাগৰিকে এই বিষয়ত চোকা নজৰ ৰখা উচিত।


✍️ গৌতম মালাকাৰ।


• 'দৈনন্দিন বাৰ্তা'ৰ ০৬/০৫/২০২৪ সংখ্যাত প্ৰকাশিত।

• 'গণবাৰ্তা'ৰ ৩০/০৪/২০২৩ আৰু ১৫/০৫/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'আলোকপ্ৰভঞ্জন' কাকতৰ ৩০/০৫/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'বাৰ্তাপখিলী'ৰ জুন, ২০২৩ সংখ্যাত প্ৰকাশিত।

• মাহেকীয়া আলোচনী 'পূৰ্বদিশ'ৰ জুলাই, ২০২৩ সংখ্যাত প্ৰকাশিত।

Next Post Previous Post
No Comment
Add Comment
comment url

You may also like