অন্ধবিশ্বাস, কু-সংস্কাৰ, নাৰী ইত্যাদি

 

 :: অন্ধবিশ্বাস, কু-সংস্কাৰ, নাৰী ইত্যাদি ::     


                ‌ভাৰতৰ সংবিধানৰ ৫১(ক) অনুচ্ছেদ অনুসৰি দেশৰ সকলো নাগৰিকৰ মাজত বিজ্ঞানমনস্কতা, মানৱতা, অনুসন্ধিৎসা আৰু সংস্কাৰৰ বিকাশৰ বাবে ৰাষ্ট্ৰই চেষ্টা কৰিব। ভাৰতত প্ৰচলিত অন্ধবিশ্বাস আৰু কু-সংস্কাৰক নিৰ্মূল কৰাৰ বাবে ৰাষ্ট্ৰলৈ এয়া সাংবিধানিক নিৰ্দেশনা। যিবোৰ বিশ্বাস, পৰম্পৰা, চিন্তা-চৰ্চা যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয় বা বিজ্ঞানসন্মত নহয় বুলি প্ৰমাণিত সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাসেই কু-সংস্কাৰৰ বাহক। অজ্ঞানতা, ভয়, পাপবোধ, লিংগ তথা জাতি ভিত্তিক বৈষম্য আদি কুসংস্কাৰৰ মুখ্য কাৰণ। তাৰোপৰি সমাজৰ কিছুমান স্বাৰ্থান্বেষী, সুবিধাবাদী শক্তিয়েও এনে অন্ধবিশ্বাসৰ প্ৰচাৰ-প্ৰসাৰত উদগনি দি আহিছে। ধৰ্মীয় গোড়ামীয়েও কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰচলনত সাৰ-পানী যোগাই আহিছে।

               কেইটামান দশক আগলৈকে মানুহৰ চিন্তাধাৰা নিজৰ বিচাৰ-বুদ্ধি, নিজৰ ঘৰখন, শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠান আৰু প্ৰত্যক্ষভাৱে ঢুকি পোৱা সমাজখনৰ দ্বাৰা প্ৰভাৱান্বিত আৰু পৰিচালিত হৈ আছিল। বহিঃ জগতৰ ইতিবাচক বা নেকিবাচক প্ৰভাৱ তেনেই নগণ্য আছিল। প্ৰযুক্তিৰ বিকাশৰ লগে লগে গণমাধ্যমে কল্পনাতীত বিস্তাৰ লাভ কৰিলে আৰু ব্যক্তি, পৰিয়াল তথা সমাজ জীৱনত বহিঃ শক্তিৰ বিস্তৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে। ছপা মাধ্যমৰ উপৰিও ইন্টাৰনেট সেৱা আৰু  ইলেকট্ৰনিক মাধ্যমসমূহে মানুহৰ জ্ঞান, বিচাৰ-বুদ্ধিৰ উৎকৰ্ষ সাধন কৰাত বৈপ্লৱিক ভূমিকা লৈছে। এই মাধ্যমসমূহে এফালে যিদৰে মানুহৰ মাজত যুক্তি ভিত্তিক সংস্কাৰৰ ৰোপন আৰু প্ৰচাৰ কৰিছে আনফালে দুষ্ট অভিপ্ৰায় সিদ্ধিৰ উদ্দেশ্যে আন কিছুমানে কৌটিকলীয়া ধ্যান-ধাৰণাৰ পুনৰ ৰোপন কৰি মানুহৰ মাজত কু-সংস্কাৰ বাহাল ৰাখিবলৈ যত্নপৰ হৈছে। আনকি ধৰ্মৰ দৰে স্পৰ্শকাতৰ বিষয়টোকো সেইসকলৰ একাংশই আহিলা হিচাপে ব্যৱহাৰ কৰিছে। স্বদেশপ্ৰেমৰ আৱেগ উদ্ৰেক ঘটাই কুসংস্কাৰৰ বাহক কৰিবলৈয়ো এই শক্তিবোৰে কুণ্ঠাবোধ কৰা নাই। বিভিন্ন অন্ধবিশ্বাসক আমাৰ পৌৰাণিক চিকিৎসা বিদ্যাৰ অংশ বুলি অপপ্ৰচাৰ চলাই মুনাফা লুটিবলৈ প্ৰচেষ্টা অব্যাহত আছে। 

               ভাৰতীয় মানুহৰ জীৱনত পৰিয়াল আৰু গাওঁবাসীৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ অতি বেছি। ভাৰতৰ জনসাধাৰণে পৰম্পৰাগতভাৱে ব্যক্তিতকৈ পৰিয়াল আৰু সমাজক অধিক গুৰুত্ব দি আহিছে। ব্যক্তিগত বা পাৰিবাৰিক বিষয়বোৰতো সমাজৰ হস্তক্ষেপ তথা নিয়ন্ত্ৰণ সুস্পষ্ট। যুগ যুগ ধৰি সমাজে গভীৰ আস্থাৰে অনুসৰণ কৰি অহা আচাৰ-বিধি, ৰীতি-নীতিগত পৰম্পৰাৰ ভিত্তিত সামাজিক দায়বদ্ধতা, সামূহিক হিত আৰু শৃংখলাৰ বাবে সমাজে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰে। এই নীতি-নিৰ্দেশনাসমূহ আইনৰ লেখীয়া আৰু সকলো শ্ৰেণীৰ লোকে সেইবোৰক সন্মানসহ পালন তথা অনুসৰণ কৰে। সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে বুজা যায় যে ব্যক্তিগত ইচ্ছা-আকাংক্ষা বা আবেগ-অনুভূতিয়ে মানুহক অনেক সময়ত অনৈতিক তথা ক্ষতিকাৰক দিশত আগুৱাই নিয়ে। তেনেকুৱা অনুচিত ব্যক্তি-প্ৰৱণতাক লেকাম লগাই সুস্থ সামাজিক জীৱন প্ৰতিষ্ঠা কৰাটোৱেই ৰাইজৰ সামূহিক মূল লক্ষ্য। ইয়াৰ সুফল অনেক আৰু সুদূৰপ্ৰসাৰী যদিও ব্যক্তি স্বাধীনতাক উপেক্ষা কৰাৰ বাবে ব্যক্তিৰ বিকাশ বাধাগ্ৰস্থ হোৱা দেখা যায়। নাৰী-পুৰুষ উভয়ে অন্ধবিশ্বাসৰ কবলত যদিও তুলনামূলকভাৱে নাৰীসকল বেছিকৈ প্ৰভাবান্বিত। 'নাৰী নৰকৰ দুৱাৰ' বুলি থকা অমানবীয় বিশ্বাসৰ বাবে বিশেষকৈ নাৰীৰ পিন্ধন-ওৰণ, চাল-চলনত সমাজে অত্যাধিক বাধ্য-বাধকতা আৰোপ কৰি নিয়ন্ত্ৰণ কৰি আহিছে যাৰ ফলত দশক দশক জুৰি নাৰীৰ সামগ্ৰীক বিকাশ ক্ষতিগ্ৰস্ত হৈছে। নাৰীৰ ইচ্ছা-অনিচ্ছা, আৱেগ-অনুভূতিক পুৰুষ প্ৰধান সমাজে আওকাণ কৰি আহিছে বুলি সুদীৰ্ঘ দিনৰে পৰা অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰাকৃতিক কাৰণত নাৰী শাৰীৰিকভাৱে পুৰুষতকৈ দুৰ্বল হোৱা বাবে নাৰী-পুৰুষৰ দৈনন্দিন কাম-কাজত পাৰ্থক্য ৰখা হৈছিল। সাধাৰণতে অধিক কায়িক পৰিশ্ৰমৰ কামবোৰ পুৰুষে আৰু তুলনামূলকভাৱে কম কায়িক পৰিশ্ৰমৰ ঘৰুৱা কাম-কাজবোৰ মহিলাই কৰি আহিছে। পুৱাৰে পৰা নিশা বিছনালৈ নোযোৱা পৰ্যন্ত নাৰীয়ে ঘৰৰ ইটো-সিটো কামত নিজকে নিয়োজিত কৰি ৰাখে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আলপৈচান ধৰোঁতে ধৰোঁতে নাৰীয়ে নিজৰ প্ৰয়োজনবোৰৰ কথা ভাবিবলৈ আহৰি নোহোৱা হয়। নিজৰ শৰীৰৰ যত্ন লোৱা বা মানসিক তৃপ্তিৰ বাবে কিবা এটা কৰাৰ বাবে নাৰীৰ সময়ৰ অভাৱ হয়। সৰুৰে পৰা পৰিয়ালত নাৰীক ত্যাগৰ পাঠ পঢ়ুৱাই এনেবোৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিবলৈ শিক্ষা(?) দিয়া হয়। সংস্কাৰৰ নামত সহনশীলতাৰ বৰ্ম পিন্ধাই পৰিকল্পিতভাৱে  নাৰীক শৈশৱৰে পৰা মানসিকভাবে দুৰ্বল কৰা হয়। নাৰীক যিদৰে আই-মাতৃ বা দেৱীৰ শাৰীত স্থান দিয়া হয় ঠিক তেনেদৰে মানসিক আৰু শাৰীৰিকভাৱে আজীৱন শোষণো কৰা হয়। "এইবোৰ ভাল ছোৱালীৰ কাম নহয়", "ছোৱালী হৈ এনেবোৰ কাম কৰিবলৈ গ'লে সমাজে আমাক হাঁহিব" আদি নানান নিৰুৎসাহজনক মন্তব্যৰে শৈশৱৰে পৰা নাৰীমনক আক্ৰমণ কৰা হয় আৰু সংশয়ৰ ৰোপন কৰি নাৰীৰ বিকাশত বাধাৰ সৃষ্টি কৰা হয়। অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু অত্যাধিক লিংগ ভিত্তিক বৈষম্যৰ বাবে নাৰীৰ এক বৃহৎ অংশ শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। শিক্ষাৰ অধিকাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই কন্যা শিশুক স্কুলীয়া শিক্ষাৰ পৰা আঁতৰাই ৰখা হয়। স্কুলীয়া শিক্ষাতকৈ ঘৰুৱা কামকাজৰ জ্ঞান আৰু পটুতাহে ভৱিষ্যতৰ সাংসাৰিক জীৱনৰ বাবে বেছি আৱশ্যকীয় বুলি গণ্য কৰি কন্যা সন্তানক মাক-বাপেকে স্কুললৈ পঠিয়াবলৈ অমান্তি হয়। অনেক সময়ত অবাঞ্চিত বদনাম হোৱাৰ ভয়তো কন্যা সন্তানক শিক্ষানুষ্ঠানলৈ পঠোৱাৰ পৰা অভিভাৱকসকল বিৰত থাকে। শৈশৱৰে পৰা নাৰীক ঘৰুৱা সহায়ক কাম-কাজত নিয়োজিত কৰাৰ ফলত নাৰীৰ শাৰীৰিক-মানসিক বিকাশ বাধাগ্ৰস্থ হয়। সমনীয়াহঁতৰ স'তে খেলা-ধূলাৰ জৰিয়তে আনন্দ-স্ফুৰ্টি কৰাৰ বয়সতে নাৰীয়ে ঘৰৰ ইটো-সিটো কামৰ বোজা বহন কৰি ঘৰুৱা দায়িত্ব পালন কৰিবলগাত পৰে। যাৰ ফলত নাৰী শিক্ষাৰ পৰা বঞ্চিত হয় আৰু নিজৰ সুপ্ত প্ৰতিভা বিকাশত ব্যৰ্থ হয়। মূলতঃ চলন-ফুৰণ আৰু মিলামিচাত আৰোপ কৰা প্ৰতিবন্ধকতা তথা আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখাৰ বাবে নাৰীয়ে অজ্ঞতাৰ আন্ধাৰত সোমাই থাকে। সামাজিক পৰম্পৰা আৰু ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে নাৰীক শিকলিবদ্ধ কৰি ৰখা হয়। সমাজ-সংস্কৃতিৰ দোহাই দিয়ো নাৰীৰ সৃষ্টিশীল তথা  মুক্তিকামী মানসিকতাক নিৰুৎসাহিত কৰা হয়। শিক্ষাৰ অভাৱৰ বাবে নাৰীৰ মনত ভয় স্থায়ী হয়। অধিকাৰ আৰু আইনৰ জ্ঞান নথকা বাবে ভয় দেখুৱাই নাৰীক দমন কৰি ৰখা হয়। আৰ্থিক পৰনিৰ্ভৰশীলতা নাৰীৰ বাবে ব্যধিস্বৰূপ। একমাত্ৰ অৰ্থনৈতিক স্বাধীনতা নথকাৰ বাবে নাৰীয়ে বহু সময়ত অমানুষিক অত্যাচাৰ সহ্য কৰি থাকিবলৈ বাধ্য হয়। নাৰী পুৰুষৰ তুলনাত অধিক আৱেগিক আৰু সহানুভূতিশীল। নাৰীক মমতাময়ী আখ্যা দিয়া হয়। আনহাতে পুৰুষক তুলনামূলকভাৱে কঠোৰ বুলি কোৱা হয়। "প্ৰকৃত পুৰুষে নাকান্দে" বুলি ধাৰণা এটা পুৰুষৰ মনত ৰোপন কৰি পুৰুষৰ আৱেগ-অনুভুতিক দমাই ৰাখিবলৈ শিকোৱা হয়। গতিকে পুৰুষে নাৰীৰ আগত সদায় কঠোৰ স্থিতি বজাই ৰাখে যাৰ ফলত কোমল মনৰ নাৰী আজীৱন বন্দী আৰু ভীতিগ্ৰস্ত হৈ দিন কটায়।

              কন্যাৰ প্ৰথম পুষ্পিতা হোৱা বা তোলনীবিয়াৰ সৈতে বহু অন্ধবিশ্বাস তথা কু-সংস্কাৰ জড়িত হৈ আছে। কোমল মনৰ ছোৱালী এজনীক শাৰীৰিক পৰিৱৰ্তনৰ এই সময়ছোৱাত অধিক মানসিক চাপ দি ব্যতিব্যস্ত কৰা হয়। যি সময়ত অধিক ভাল খাদ্য, চাফ-চিকুণতা আৰু জিৰণিৰ প্ৰয়োজন সেই সময়ত কু-সংস্কাৰৰ পৰম্পৰাৰে  মানসিক আৰু শাৰীৰিক কষ্ট দিয়া হয়। গৰ্ভাৱস্থাত মহিলাসকল অধিক মানসিক চাপত থাকে আৰু শৰীৰ সকলো সময়তে ঠিক নাথাকে। গৰ্ভকালীন যতন সম্বন্ধে যথাযথ জ্ঞান নথকাৰ ফলত অন্ধবিশ্বাসৰ কবলত পৰি নিজৰ তথা গৰ্ভস্থ সন্তানৰ অনিষ্ট সাধন কৰা দেখা যায়। মাহেকীয়াৰ সময়তো 'চুৱা' নাম দি নাৰীক প্ৰতিটো মাহৰ কেইবাদিনো মূল খুটিৰ পৰা আঁতৰাই ৰাখি অৱজ্ঞা কৰা হয় যাৰ বাবে নাৰীৰ প্ৰগতি বাধাপ্ৰাপ্ত হয়। আবিৱৈ নাৰীসকল দুৰ্ভগীয়া বা কুলক্ষণীয়া বুলি হীন ব্যৱহাৰ কৰাটো তেনেই সাধাৰণ কথা। সন্তানহীন মহিলাক 'বাজী' আখ্যাৰে তুচ্ছ-তাচ্ছিল্য কৰা সৰ্বজন বিদিত। ঠিক তেনেদৰে বিধবা মহিলাকো অমংগলীয়া জ্ঞান কৰি বিভিন্ন আনুষ্ঠানিক পৰ্বৰ পৰা আঁতৰাই ৰখা হয়। ন্যস্ত স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে কেতিয়াবা নাৰী এগৰাকীক 'ডাইনী' সজোৱা হয় আৰু অমানৱীয় অত্যাচাৰ চলোৱা হয় বা মৃত্যু দণ্ড পৰ্যন্ত দিয়া হয়। অগ্ৰজ পুৰুষৰ গাৰ ছাঁ মহিলাই গছকাটো অসন্মানজনক, অমংগলীয়া তথা পাপ বুলি গণ্য কৰা হয়। বিয়াৰ পিছত কন্যা মাকৰ ঘৰলৈ অহাটো বা সঘনাই অহাটো দুয়োটা পৰিয়ালৰ বাবে ক্ষতিকাৰক বুলি বিবেচনা কৰা হয়। ওড়িশাৰ গ্ৰাম্যাঞ্চলত এই অন্ধবিশ্বাস  ইমানেই গভীৰ যে বহুত বিবাহিতা মহিলাই বছৰ বছৰ জুৰি জন্মদাতাৰ ঘৰলৈ যোৱাৰ পৰা বঞ্চিত হয়। এতিয়া এই পৰম্পৰা কিছু শিথিল হৈছে যদিও এটা সময়ত জন্ম লৈ ডাঙৰ-দীঘল হোৱা অতিকৈ আপোন ঘৰখনৰ অপায়-অমংগল হোৱাৰ ভয়ত কিছুমান মহিলাই দশক দশক জুৰি মাতৃৰ ঘৰত ভৰি দিয়া নাছিল। চৰম মানসিক যন্ত্ৰণাৰ এনে অন্ধবিশ্বাস কিমান শক্তিশালী হ'ব পাৰে ইয়াৰ পৰাই অনুমান কৰিব পাৰি। নক‌ইনা আহি ঘৰ সোমোৱাৰ পিছত কিছুদিনলৈ ঘৰত হোৱা যিকোনো অপায়-অমংগল বা অথন্তৰৰ বাবে ন-বোৱাৰীক জগৰীয়া কৰি ককৰ্থনা আৰু নিৰ্যাতন চলোৱা হয়। সকলো উজাৰি দি পৰৰ ঘৰ এখন মনে প্ৰাণে আপোন কৰাৰ পূৰ্ণ মানসিক প্ৰস্তুতি লৈ অহা কন্যা এজনীৰ বাবে এনে আচৰণ কিমান হৃদয় বিদাৰক সেয়া সহজে অনুমান কৰিব পাৰি। 'পতি ভগৱান আৰু পত্নী দাসী' এনে পুৰুষতান্ত্ৰিক অন্ধ চিন্তাৰ বাবে নাৰী আতিশয্যৰ স্বীকাৰ হৈ আহিছে। 

              জ্যোতিৰ্বিদ্যাও কিছুপৰিমানে অন্ধবিশ্বাসৰ বাহক। এই বিদ্যাৰ অপব্যৱহাৰৰ জড়িয়তে ভুত-ভৱিষ্যতৰ বাৰ্তাৰে মানুহক বিভ্ৰাট কৰি সংকিত তথা শোষণ কৰা হয়। দুৰ্বল মন আৰু শৰীৰ এই অবিজ্ঞানসন্মত চক্ৰান্তৰ সহজে বলি হয়। গ্ৰহ-নক্ষত্ৰৰ কু-প্ৰভাৱৰ অপব্যাখ্যাৰে মানুহক মানসিকভাৱে দুৰ্বল কৰি প্ৰতিকাৰৰ নামত প্ৰবঞ্চনা কৰা হয়। জন্মৰ ক্ষণৰ ভিত্তিত ৰাশি নিৰ্ণয় আৰু সেই ৰাশিৰ ভিত্তিত ভৱিষ্যতবাণী কৰা, বিয়াৰ ৰাহি-যোৰা, দিন-বাৰ, লগ্নৰ ক্ষণ নিৰ্ধাৰণ আদি অন্ধবিশ্বাসৰ পৰা সমাজ আজিয়ো মুক্ত হ'ব পৰা নাই। 'মাংগলিক' আখ্যাৰে কিছুমান ছোৱালী আৰু ছোৱালীৰ পৰিয়ালক মানসিক কষ্ট দিয়া হয়। তেনে ছোৱালীয়ে আজীৱন ভয় ভয়কৈ দিন কটায়। মানুহৰ মৃত্যুৰ স'তেও অনেক অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সাঙোৰ খাই আছে। মৃতাত্মাক স্বৰ্গত স্থান দিয়াৰ বাবে প্ৰৰোচিত কৰি মানুহক শোষণ কৰা হয়। মৃতকৰ বহু মাংগলিক ৰীতি-নীতিৰ পৰা নাৰীক আঁতৰাই ৰখা হয়, আনকি শ্মশানলৈয়ো যাবলৈ অনুমতি দিয়া নহয়। মন্দিৰৰ দৰে পৱিত্ৰ স্থলীত নাৰীৰ প্ৰৱেশ বাৰণ কৰাৰ দৰে কু-সংস্কাৰ ভাৰতৰ বিভিন্ন ঠাইত আজিয়ো প্ৰচলিত হৈ থকাটো অতি হাস্যকৰ আৰু আচৰিত। মনকৰিবলগীয়া কথাটো হ'ল যে নাৰীকেন্দ্ৰিক অন্ধবিশ্বাস বা কু-সংস্কাৰ সমূহক নাৰীয়েই ৰক্ষণাবেক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰত আগ ভাগ লয়। 'নাৰী নাৰীৰ শত্ৰু' বোলা কথাষাৰৰ সত্যতা তাতেই। ঈৰ্ষা, স্বাৰ্থ, হিংসা, প্ৰতিশোধ পৰায়ন মনোভাৱ এইবোৰৰ বাবে নাৰী নাৰীৰ বিৰুদ্ধে ঠিয় দিয়ে। প্ৰকৃত শিক্ষা আৰু সচেতনতাৰ অভাৱে নাৰীক এনেদৰে যুগ যুগ ধৰি কু-সংস্কাৰৰ কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে।

              শেহতীয়াকৈ নাৰীবাদী চেতনাৰ উত্থান হোৱাটো ইতিবাচক লক্ষণ। নাৰীবাদী চিন্তা-চৰ্চাৰ জড়িয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকক বিজ্ঞানসন্মত তথা যুক্তিযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰয়াস দ্ৰুততৰ হৈছে। অনেক বেচৰকাৰী সংস্থাই আন্তৰিকতাৰে দেশৰ চুকেকোণে ভ্ৰমি জনসাধাৰণৰ মাজত আধুনিক চিন্তা চৰ্চাৰ প্ৰচাৰত ব্ৰতী হোৱাটো অতিশয় উৎসাহজনক আৰু প্ৰসংশনীয়। সুস্থ পাৰিবাৰিক জীৱন আৰু সুস্থ সমাজ জীৱনৰ বাবে নাৰী-পুৰুষ পৰিপূৰক। অতি নাৰীবাদী চেতনাও ব্যক্তি বা সমাজৰ বাবে অনিষ্টকৰ হ'ৱ। পুৰুষ নাৰীৰ শত্ৰু নহয়, অন্ধবিশ্বাস আৰু কু-সংস্কাৰহে সমাজৰ প্ৰধান শত্ৰু। যথাযথ শিক্ষা, বিজ্ঞানমনষ্কতা, আইন আৰু সচেতনতাৰ দ্বাৰাহে এই ব্যধিৰ পৰা সমাজে মুক্তি পাব আৰু মানৱতাৰ জয় হ'ব।

✍️ গৌতম মালাকাৰ

• 'নতুন স্বদেশ'ৰ ০২/০২/২০২৩ সংখ্যাত প্ৰকাশিত।

• 'ৰণাংগন' মাহেকীয়া আলোচনীৰ ফেব্ৰুৱাৰী, ২০২৩ সংখ্যাত প্ৰকাশিত।

• 'গণবাৰ্তা'ৰ ২৮/০২/২০২৩ সংখ্যাত প্ৰকাশিত।

• পষেকীয়া 'প্ৰান্তিক'ৰ ০১-১৫ জুলাই, ২০২৩ সংখ্যাত প্ৰকাশিত।

• 'দৈনিক অসম'ৰ ২৬/০৯/২০২৩ সংখ্যাত প্ৰকাশিত।


Next Post Previous Post
No Comment
Add Comment
comment url

You may also like