দুষ্প্ৰাপ্য

#কবিতা :

:: দুষ্প্ৰাপ্য ::

তুমি কিন্তু বৰ ধুনীয়া!
যিকোনো মানুহেই
প্ৰেমত পৰিব তোমাৰ!

এই যে লাজ লাজকৈ হাঁহিটো মাৰিলা
কিমানৰ যে হিয়া শাঁত পেলালা!
এনেকৈয়ে হাঁহি থাকিবা সদায়...

ৰূপত মিনাকৰা সৰল গহণাবোৰ 
আজীৱন পিন্ধি থাকিবা,
আজিৰ নষ্ট দিনত 
দুষ্প্ৰাপ্য
তোমৰ এই সুশীল সৌন্দৰ্য্য!

আৰু তোমাৰ কণ্ঠ, কিমান যে শুৱলা!
ৰূপ-কল্পনাৰ মৃদুভাষিণী
তোমাৰ যিকোনো কথাই গান গান লগা!

তুমি সঁচাই বৰ ধুনীয়া!
সৰু-বৰ সকলোকে সঠিক মৰ্যাদা দিয়া,
যিকোনো বয়সৰ মানুহে
প্ৰেম নিবেদন কৰিব তোমাক!

তুমি সকলোকে সুখী কৰিব পাৰা,
তোমাৰ অন্তৰখন তেনেকৈয়ে গঢ়া....
তুমি বৰ ধুনীয়া! বৰ ধুনীয়া!!


✍️ গৌতম মালাকাৰ
Next Post Previous Post
No Comment
Add Comment
comment url

You may also like