শৰৎ আকৌ আহিল


কবিতা :

:: শৰৎ আকৌ আহিল ::

শেৱালিক শুভ্ৰতা সিঁচি
শৰৎ আকৌ আহিল,
কাষলতিৰ চেপাত 
পুনঃ সযতনে লৈ
গধূলিৰ গোপন প্ৰতিশ্ৰুতিৰ বৰপেৰা!
শৰতৰ হিম কণা 
চঞ্চলতাৰ উষ্মা সনা...
ওৰে ৰাতি জোনাকৰ স’তে খেলি 
প্ৰভাতী ৰ’দ কাঁচলিৰ প্ৰসাধন সানি
শুকুলা কোমল কহুঁৱাই
সৃষ্টিৰ বতৰা বতাহৰ ঠোঁটত এৰিব! 
জীৱনৰ চৰ-চাপৰিত 
মাদকতাৰ বন্যাই
মুখ হেঁচুকি বিভোৰ হ’ব...
লাল পাহাৰৰ সুবাসিত 
শৰতৰ স্নিগ্ধতাত
আপোন মানুহৰ উৎসৱবোৰ 
আকৌ হৰ্ষোল্লাসৰ ৰঙেৰে মুখৰিত হ’ব!
শৰৎ এনেদৰেই চিৰকাল আহিব...

✍️ গৌতম মালাকাৰ


Next Post Previous Post
No Comment
Add Comment
comment url

You may also like